জন্ম : ১৪-১১-১৮৮৯ ইং মৃৃত্যু : ১৬-১১-১৯৫৬ ইং |
যিসকল মহান নেতাই স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰি অসমৰ প্ৰগতি আৰু বিকাশৰ বাবে অৰিহণা যোগাইছিল, সেইসকল ব্যক্তিৰ ভিতৰত প্ৰাতঃস্মৰণীয় ব্যক্তিৰ স্থান দখল কৰিব পাৰিছে প্রয়াত ৰোহিণী কুমাৰ চৌধুৰীয়ে। কলিকতা বিশ্ববিদ্যালয়ৰপৰা আইনৰ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্রী লোৱাৰ পিচতে তেওঁ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। আনকি কলিকতাৰ স্কটিশ্ব চার্চ কলেজত অধ্যয়ন কৰি থকা সময়ত তেওঁ পুলিচৰ নজৰবন্দীত আছিল। কিন্তু কলেজৰ অধ্যক্ষজনাই চৌধুৰীৰ জ্ঞানৰ বিশালতা, গভীৰ বুদ্ধিমত্তা আৰু ইংৰাজী সাহিত্যৰ প্রতি থকা অগাধ পাণ্ডিত্যৰ প্ৰতি আকৰ্ষিত হৈ পুলিচৰ কবলৰপৰা তেওঁক ৰক্ষা কৰে।
প্রয়াত ৰোহিণী কুমাৰ চৌধুৰী আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ দেশভক্ত তৰুণৰাম ফুকনৰ কনিষ্ঠ সহযোগী আছিল। তেওঁলোক দুয়োজনে দেশভক্ত তৰুণৰাম ফুকনৰ তত্ত্বাৱধানত মহাত্মা গান্ধীৰ আদৰ্শত উদ্বুদ্ধ হৈ গান্ধীজীয়ে নেতৃত্ব দিয়া স্বাধীনতা সংগ্ৰামত যোগদান কৰি অশেষ দুখ-যন্ত্ৰণা মূৰ পাতি লৈ কেবাবাৰো কাৰাবাস খাটে। এবাৰ পুলিচে তেওঁক হাতত হাতকেয়ো লগাই গুৱাহাটীৰ জনপথৰ মাজেৰে খোজকঢ়াই যুদ্ৰাইছিল। কিন্তু এনেধৰণৰ যাতনা আৰু শাৰীৰিক শাস্তিয়ে তেওঁক সংগ্ৰামৰপৰা বিচলিত কৰিব নোৱাৰিলে।
ৰোহিণী কুমাৰ চৌধুৰী ১৯২৭ চনৰপৰা ১৯৩৬ চনলৈ অসম কাউন্সিলৰ সদস্যৰূপে নিৰ্বাচিত হয়। সেই সময়ছোৱাত তেখেতে কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সৈতে অসম কাউন্সিলত অখণ্ডনীয় যুক্তি প্রদর্শনেৰে বিৰোধীৰ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। সেই সময়ছোৱাৰ ভিতৰত তেখেতৰ আশাশুধীয়া প্ৰচেষ্টাত অসমৰ দুখীয়া কৃষক ৰাইজৰ কল্যাণার্থে মাটিৰ কৰ-কাটল হ্ৰাস কৰাৰ বাবে যৎপৰোনাস্তি প্রচেষ্টাৰে সফল হ’ব পাৰিছিল।
প্রয়াত ফখৰুদ্দিন আহমেদৰ অতি ঘনিষ্ঠৰূপে পৰিচিত ৰোহিণী কুমাৰ চৌধুৰীয়ে অসমখন হিন্দু, মুছলমান আৰু জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ এখন উমৈহতীয়া ৰাজ্য হিচাপে প্রতিষ্ঠিত কৰিব বিচাৰিছিল।
১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন প্ৰৱৰ্তন হোৱাৰ লগে লগে ৰাজনৈতিক কাৰণত অসম কংগ্ৰেছত বিভাজন হৈ দুটা শিবিৰৰ জন্ম হৈছিল। তেতিয়া ইয়াৰ এটা শিবিৰত থাকি ৰোহিণী কুমাৰ চৌধুৰীয়ে সমভাবাপন্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ সৈতে লগ লাগি “ইউনাইটেড পিপ’লচ্ পার্টি” গঠন কৰে। দেশভক্ত তৰুণৰাম ফুকনক ইয়াৰ সভাপতি আৰু ৰোহিণী কুমাৰ চৌধুৰী আৰু গোপীনাথ বৰদলৈয়ে যুটীয়াভাৱে সম্পাদকৰ দায়িত্ব পালন কৰে। সম্পাদক দুয়োগৰাকীক নিৰ্বাচনৰ ঘোষণাপত্র (Manifesto) প্রস্তুত কৰাৰ দায়িত্ব অর্পণ কৰা হয়। নিৰ্বাচনৰ প্ৰাক্ক্ষণত বৰদলৈয়ে “ইউনাইটেড পিপ’লচ্ পার্টি”ৰপৰা পদত্যাগ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰে। ৰোহিণী কুমাৰ চৌধুৰীয়ে “ইউনাইটেড পিপ’লচ্ পাৰ্টি”ৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়। গোপীনাথ বৰদলৈও গুৱাহাটী বিধানসভা সমষ্টিৰপৰা নিৰ্বাচিত হয়।
বিধানসভাত ৰোহিণী কুমাৰ চৌধুৰী নেতৃত্বাধীন “ইউনাইটেড পিপ’লচ্ পার্টি’’য়ে মহম্মদ ছাদুল্লা মন্ত্রীসভাত যোগদান কৰে। এই মন্ত্রীসভাত তেওঁ ৰাজহ মন্ত্ৰীৰ দৰে গুৰু দায়িত্ব পালনেৰে থলুৱা অসমীয়া আৰু অসমত বসবাস কৰা জনজাতীয় লোকসকলৰ ভূমি ৰক্ষণাবেক্ষণৰ সকলো ধৰণৰ দায়িত্ব বলিষ্ঠ নেতৃত্বৰে পালন কৰিছিল।
‘গ্রুপিং’-অৰ কবলৰপৰা অসমক ৰক্ষা কৰিবলৈ ৰোহিণী কুমাৰ চৌধুৰীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াই ছিল। সেইখিনিৰ বাবে তেওঁ আজিও বিশেষভাৱে স্মৰণীয় ৷ তেওঁৰ আন এটা বিশেষত্ব আছিল এবাৰ কৰিম বুলি কোৱা কামটো তেওঁ যি কোনো প্ৰকাৰে সমাধা কৰিহে শান্তিলভিছিল।ৰাজনৈতিক ক্ষেত্ৰৰ লগতে সামাজিক-সাংস্কৃতিক ক্ষেত্ৰতো তেখেতৰ যথেষ্ট বৰঙণি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব৷ বিশেষকৈ দক্ষিণ কামৰূপৰ শিক্ষা আৰু সমাজ জীৱনত উদ্ভৱ হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। তাৰেই ফলশ্ৰুতিত তেখেতৰ প্ৰতি সন্মান জনাই অঞ্চলবাসী ৰাইজে তেখেতৰ নামত কুকুৰমাৰাত ‘ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুল’ আৰু পলাশবাৰীত ‘ৰোহিণী কুমাৰ চৌধুৰী বিদ্যালয়’ প্ৰতিষ্ঠা কৰিছিল।