মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ||Mahapurusha Srimanta Sankardev

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

শংকৰদেৱৰ ৰচনাৱলী
জন্ম:১৪৪৯ – মৃত্যু:১৫৬৮

 

পৃথিৱীত যেতিয়া অন্যায় অনীতিয়ে গা কৰি উঠে , যেতিয়া ধৰ্মৰ ওপৰত অধৰ্মই প্ৰভুত্ব বিস্তাৰ কৰে , তেতিয়াই  ভগৱানে পৃথিৱীলৈ একো একোজন মহান ব্যক্তি প্ৰতিনিধি স্বৰূপে পঠিয়াই । খ্ৰীষ্টীয় চতুৰ্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজ ভাগত অসমত ধৰ্মৰ বিপৰ্য্যায় ঘটিছিল । ধৰ্মৰ নামত চৌদিশে অন্ধ বিশ্বাস , কু-সংস্কাৰ আদিয়ে সমাজত বিপথে পৰিচালিত কৰিছিল  তেনে দুৰ্যোগৰ সময়তো অৰ্থাৎ  ১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্ল দশমী তিথিত বৰদোৱাৰ অলিপুখুৰী গাওঁত এইজনা মহাপুৰুষৰ আৱিৰ্ভাৱ হয় । এই গৰাকী মহান ব্যক্তিৰ পিতা আছিল কুসুম্বৰ  ভূঞা আৰু মাতৃ আছিলে   সত্যসন্ধা । শৈশৱতে তেওঁ পিতৃ – মাতৃক হেৰুওৱাত বুঢ়ী মাক খেৰসূতিৰ  আদৰ -যত্নেৰে ললিত-পালিত হৈ ধূলি – ধেমালিৰ আনন্দ – মধুৰ দিনবোৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল ।   শৈশৱত শংকৰৰ পঢ়া শুনাৰ প্ৰতি অমনোযোগ আছিল । ইয়াৰ বাবে বুঢ়ীমাক খেৰসূতি বৰ অসুবিধাত পৰিছিল । শেষত শংকৰক বুজনি দি দি মহেন্দ্ৰ কন্দলিৰ বিদ্যালয়ত নাম ভৰ্তি কৰাই দিয়ে ।

শংকৰে কেইদিন মন বিদ্যালয়ত গৈয়েই অৰ্থাৎ  ক-ফ’লাখন শিকিয়েই আকাৰ ইকাৰ নোহোৱাকৈ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক এটি কবিতা   লিখি সকলোকে অভিভূত  কৰি তোলে।

তেওঁ লিখিছিল –

কৰতল কমল কমল-দল নয়ন।

ভবদব দহন গহন বন শয়ন॥

নপৰ নপৰ পৰ সতৰত গময়।

সভয় মভয় ভয় মমহৰ সততয়॥

খৰতৰ বৰশত হত দশ বদন।

খগচৰ নগধৰ ফনধৰ শয়ন॥

জগদঘ মপহৰ ভৱভয় তৰণ।

পৰপদ লয় কৰ কমলজ নয়ন ॥

শংকৰদেৱৰ এনেকুৱা মেধা গুণৰ  পৰিচয় পাই গুৰুৱে শংকৰক দেৱ উপাধিৰে বিভূষিত কৰে।

তেতিয়াৰ পৰা শংকৰ – শংকৰদেৱৰ ৰূপে পৰিচিত হয় ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এনে এজন ব্যক্তি যিয়ে সাহিত্য সংস্কৃতিৰ প্ৰতিদিশলৈ বৰঙণি আগবঢ়াই গৈছে । সেই  বৰঙণিক স্বীকৃতি দি তেখেত অসমীয়া সংস্কৃতিৰ জনক বুলি কোৱা হয় ।  ” কীৰ্ত্তন ঘোষা ” ৰচনা কৰি তেখেতে অসমীয়া জাতিক সৃষ্টিতত্ত্ব, ভক্তিতত্ব  , মুক্তিৰ বাণীৰে সন্ধান দিলে ।

ভাগৱতৰ কেইবাটাও অধ্যায় ৰচনাৰ মাজেৰে তেখেতে মানুহক পথৰ সন্ধান দিলে । ইয়াৰ উপৰিও হৰিচন্দ্ৰ উপাখ্যান অজমিল উপাখ্যান , বলিচলন , ভক্তি প্ৰদীপ  , অনাদি পাতন ,ভক্তি ৰত্নাকৰ , গুণমালা , নিমিনৱসিদ্ধ  ৰামায়ণৰ উত্তৰাকাণ্ড আদি ৰচনা কৰি  অসমীয়া ভাষা সাহিত্যক উজলাই তোলে । আনহাতে মানুহৰ মাজত জ্ঞান বিস্তাৰ কৰিবলৈ  নৱবৈষ্ণৱ ধৰ্মক প্ৰৱৰ্তন কৰি অসমীয়া মানুহক ধৰ্ম মহান ডালেৰে বান্ধিলে । ইয়াৰ বাবে তেওঁ ছকুৰি বৰগীত ৰচনা কৰি গীত সাহিত্যৰ ভঁড়াল টনকিয়াল কৰে । নাটকৰ মাজেৰে মানুহৰ মাজত ধৰ্ম প্ৰচাৰ তথা জ্ঞান বিস্তাৰ কৰিবলৈ তেখেতে চিহ্ন- যাত্ৰা , কলীয়া দমন , কলি গোপাল , ৰাম বিজয় , ৰুক্মিণী হৰণ , পাৰিজাত হৰণ , পত্নী প্ৰসাদ আদি নাট ৰচনা কৰে ।  গীত নাট পৰিবেশনৰ বাবে শংকৰদেৱে খোল , তাল , ডবা ,  কাঁহ , শঙ্খ , মৃদঙ্গ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভৰাললৈ বিশেষ ধৰণে বৰঙণি আগবঢ়ায় ।

এই গৰাকী মহাপুৰুষ ছকুৰি বছৰীয়া জীৱন কালত অসমীয়া সমাজখন নতুনকৈ সজাই ভাষা , ধৰ্ম , সংস্কৃতি সাহিত্য আদি প্ৰতিটো দিশে সমুজ্বল কৰি তোলে । এজন মানুহৰ দ্বাৰা ইমানবোৰ দিশ সামুৰিমানৱ সমাজক  জ্ঞানৰ সন্ধান দিয়া ব্যক্তি অসমত নহয় , ভাৰতত নহয় পৃথিৱীৰ বুৰঞ্জীত বিৰল বুলি কব পৰা যায় ।

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।

 

Leave a Reply