আহোম ৰাজত্ব কাল – স্বৰ্গদেউসকলৰ নাম || প্ৰথম আহোম ৰজা

আহোম ৰাজত্ব কাল  || আহোমৰ ৰাজবংশ || আহোম স্বৰ্গদেউসকলৰ নাম আৰু ৰাজত্বকাল || প্ৰথম আহোম ৰজা || আহোমৰ ৰজা সকল  :

 

আহোম  অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন মধ্যযুগীয় ৰাজ্য। ই প্ৰায় ৬০০ বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল আৰু উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাৰ বাধা দিছিল। মং মাও বংশৰ টাই ৰাজকোঁৱৰ চুকাফাই উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্যৰ মাজত আহোম ৰাজ্য স্থাপন কৰিছিল। 

আহোম ৰাজত্ব

 

আহোম ৰাজত্ব কাল ৰজা সকল :
১/    চুকাফা      : ১২২৮-১২৬৮
২/   চুতেওফা  :  ১২৬৮-১২৮১
৩/  চুবিনফা    :  ১২৮১-১২৯৩
৪/ চুখাংফা      :  ১২৯৩-১৩৩২
৫/ চুখ্ৰাংফা      :  ১৩৩২-১৩৬৪
৬/  চুতুফা       :  ১৩৬৪-১৩৭৩
৭/ মন্ত্ৰীসকলৰ শাসন : ১৩৭৬-১৩৮০
৮/ ত্যাওখাম্‌থি : ১৩৮০-১৩৮৯
৯/ ২য় বাৰ মন্ত্ৰীসকলৰ শাসন :১৩৮৯-১৩৯৭
১০/ চুডাংফা বা বামুনী কোঁৱৰ   : ১৩৯৭-১৪০৭
১১ /চুজাংফা : ১৪০৭-১৪২২
১২ /চুফক্‌ফা : ১৪২২-১৪৩৯
১৩ /চুচেন্‌ফা : ১৪৩৯-১৪৮৮
১৪ /চুহান্‌ফা : ১৪৮৮-১৪৯৩
১৫/চুপিম্‌ফা  : ১৪৯৩-১৪৯৭
১৬ /চুহুম্‌মুং (দিহিঙ্গীয়া ৰজা): ১৪৯৭-১৫৩৯
১৭ /চুক্লেন্‌মুং (গৰগঞা ৰজা) :১৫৩৯-১৫৫২
১৮ /চুখাম্‌ফা (খোৰা ৰজা) :১৫৫২-১৬০৩
১৯/ চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ : ১৬০৩-১৬৪১
২০/ চুৰম্‌ফা : ১৬৪১-১৬৪৪
২১/  চুত্যিংফা (নৰীয়া ৰজা) : ১৬৪৪-১৬৪৮
২২/ চুতামলা বা জয়ধ্বজসিংহ : ১৬৪৮-১৬৬৩
২৩/ চুপুংমুং বা চক্ৰধ্বজসিংহ  :১৬৬৩-১৬৭০
২৪/ চুন্যৎফা বা উদয়াদিত্য : ১৬৭০-১৬৭৩
২৫/ চুক্লন্‌ফা বা ৰামধ্বজসিংহ  :১৬৭৩-১৬৭৫
২৬/  চুহুং ১৬৭৫  (এমাহ)
২৭/ গোবৰ ৰজা মাত্ৰ বিছ দিন
২৮/ চুজিন্‌ফা :১৬৭৫-১৬৭৭
২৯/ চুডৈয়ফা বা পৰ্বতীয়া ৰজা :  ১৬৭৭-১৬৭৯
৩০/ চুলিক্‌ফা বা ৰত্নধ্বজসিংহ : ১৬৭৯-১৬৮১
৩১ /চুপাত্‌ফা বা গদাধৰসিংহ : ১৬৮১-১৬৯৬
৩২/ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ :১৬৯৬-১৭১৪
৩৩/চুতনফা বা শিৱসিংহ : ১৭১৪-১৭৪৪
৩৪/  চুনেন্‌ফা বা প্ৰমত্তসিংহ :  ১৭৪৪-১৭৫১
৩৫/  চুৰেমফা বা ৰাজেশ্বৰসিংহ : ১৭৫১-১৭৬৯
৩৬/চুঞেউফা বা লক্ষ্মীসিংহ  :১৭৬৯-১৭৮০
৩৭/ চুহিত্‌পুংফা বা গৌৰীনাথসিংহ : ১৭৮০-১৭৯৫
৩৮ /চুক্লিংফা বা কমলেশ্বৰসিংহ :১৭৯৫-১৮১০
৩৯/ চুছিন্‌ফা বা চন্দ্ৰকান্তসিংহ :১৮১০-১৮১৮
৪০/ পুৰন্দৰসিংহ   :১৮১৮-১৮১৯
৪১/  চন্দ্ৰকান্তসিংহ : ১৮১৯-১৮২১ (২য় বাৰ)
৪২/ যোগেশ্বৰসিংহ : ১৮২১-১৮২৪
৪৩/ পুৰন্দৰসিংহ (২য় বাৰ) : ১৮৩৩-১৮৩৮

Leave a Reply