চিঠি লিখাৰ নিয়ম || আবেদন পত্ৰ লিখাৰ নিয়ম | কাৰ্য্যালয় সম্বন্ধীয় চিঠি

চিঠি লিখাৰ নিয়ম || অসমীয়া ভাষাত চিঠি পত্ৰ লিখাৰ নিয়ম || আবেদন পত্ৰ  লিখাৰ নিয়ম || কাৰ্য্যালয় সম্বন্ধীয় চিঠি-পত্র  :

অসমীয়া ভাষাত চিঠি পত্ৰ লিখাৰ নিয়ম

চিঠি লেখাও এবিধ কলা। কম কথাতে ধুনীয়াকৈ চিঠি লেখাটো আৰু এটা গুণ। চিঠি লেখাৰ কেতবোৰ সাধাৰণ নিয়ম আৰু আৰ্হি আছে। বিষয় অনুসৰি আমি ঘাইকৈ চাৰি প্ৰকাৰৰ চিঠি পাওঁ

১. ব্যক্তিগত চিঠি-পত্র ।

২. আবেদনপত্র ।

৩. ব্যৱসায়িক চিঠি-পত্র ।

8. কাৰ্য্যালয় সম্বন্ধীয় চিঠি-পত্র।

যি কোনো প্ৰকাৰৰ চিঠিৰে কেইটামান নির্দিষ্ট অংশ থাকে :

    (ক) শিৰোনাম ,     (খ) সম্বোধন,         (গ) চিঠিৰ পাঠ,       (ঘ) সামৰণি ।

ব্যক্তিগত চিঠি-পত্ৰৰ বাহিৰে আন তিনি প্ৰকাৰৰ চিঠি-পত্ৰৰ আৰম্ভণিতে বাওঁহাতে ওপৰত প্ৰাপকৰ (যালৈ চিঠি লেখা হয়) নাম-ঠিকনা থাকে। ইংৰাজী আৰ্হিৰ ‘To’ ৰ ঠাইত অসমীয়াত প্রতি অথবা সমীপেষু শব্দ ব্যৱহাৰ কৰিব পাৰি। ব্যক্তিগত চিঠিত আজিকালি এনে নাম-ঠিকনা চিঠিৰ শেষত বাওঁহাতে তলত দিয়া দেখা যায়, বহুতে অৱশ্যে ওপৰতো দিয়ে। সোঁহাতে ওপৰত প্ৰেৰকৰ (চিঠি-লেখক) চমু ঠিকনা (ডাকঘৰ আৰু পিন ক’ড নম্বৰ) থাকে। তাৰ তলতে চিঠি লেখাৰ তাৰিখটো দিব লাগে। তাৰিখটোত মাহ আৰু বছৰৰো উল্লেখ থাকিব এনেকৈ – ২৩/০২/২০২১  ইয়াৰ সংখ্যাকেইটাই ক্রমান্বয়ে তাবিখ, মাহ আৰু বছৰ সুচাইছে।

সম্বোধন প্ৰাপক আৰু প্ৰেৰকৰ মাজৰ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰে। সচৰাচৰ সম্বোধন তলত দিয়াৰ দৰে কৰা হয়।

★ পিতৃ-মাতৃ, বা সেই স্থানীয় লোকলৈ       :-   পূজনীয়/পূজ্যা পূজনীয়া/পূজ্যা

★ পিতৃ-মাতৃ, বা শিক্ষক অথবা তেনে কোনো মান্যজনে পুত্র-কন্যা, জী-জোঁৱাই, ছাত্ৰ-ছাত্ৰীলৈ।
:-    কল্যাণীয়/কল্যাণীয়া , স্নেহভাজন

★ আত্মীয়-কুটুম আৰু আন জ্যেষ্ঠজনলৈ  :-  শ্রদ্ধেয়/ শ্রদ্ধেয়া

★ সন্মানিত পদবীত থকাসকললৈ              :-  মাননীয়/মাননীয়া

★ জ্যেষ্ঠ বিষয়া/বিভাগীয়া প্ৰধানলৈ             :-  মহোদয়/মহাশয়

★ বন্ধুবান্ধৱ/বন্ধুস্থানীয় ব্যক্তি/সমনীয়া আদিলৈ :-  মৰমৰ / প্রিয়

তদুপৰি সংস্কৃতৰ আৰ্হিত শ্রদ্ধাস্পদেষু, শ্ৰীচৰণেষু, মান্যবৰেষু, কল্যাণীয়াষু, শ্রদ্ধাভাজনেষু, প্রিয়বৰেষু আদিও ব্যৱহাৰ হয়।

যথাবিহিত সম্ভাষণ জনাই চিঠি আৰম্ভ কৰিব লাগে। ব্যক্তিগত চিঠিত সেৱা/সাদৰ সম্ভাষণ জনাই কুশল মঙ্গলৰ বাতৰি লিখা হয়। উৰ্দ্ধতন কর্তৃপক্ষলৈ “বিহিত সন্মানপূর্বক নিৱেদন” বুলি লেখাৰ নিয়ম।

চিঠিৰ সামৰণিত “ইতি” বুলি লিখি সোঁহাতে তলত সম্বন্ধ অনুযায়ী ভিন্ন ভিন্ন ভাৱে পৰিচয় দিয়া হয়।

পৰিচিত ব্যক্তি, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আদিৰ বেলিকা, “ইতি, আপোনাৰ/তোমাৰ/তোৰ বুলি লিখি চিঠি লেখোঁতাই নিজৰ চহী অথবা ঘৰত মতা পৰিচিত নাম দিব লাগে।

“সন্মানীয় ব্যক্তিলৈ লেখা চিঠিত “ইতি, আপোনাৰ গুণমুগ্ধ” লিখিব পাৰি। নিমন্ত্ৰণী পত্ৰত সচৰাচৰ “ইতি, বিনীত/বিনয়াবনত/ভৱদীয়” বুলি সামৰা হয়।

কৰ্তৃপক্ষলৈ (অধ্যক্ষ/প্রধান শিক্ষক আদি) লেখোঁতে ছাত্ৰ-ছাত্ৰীয়ে “ইতি, আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী” বুলি লিখিব লাগে।

সম্বন্ধ বিশেষ “ইতি, আপোনাৰ/তোমাৰ/তোৰ শুভাকাঙ্ক্ষী ; “ইতি, আপোনাৰ সেৱক/অনুগত” আদিও লেখা হয়।

কাৰ্য্যালয় আৰু ব্যৱসায় চিঠি

কাৰ্য্যালয় আৰু ব্যৱসায় সংক্রান্ত চিঠিত “ইতি, আপোনাৰ বিশ্বস্ত/বিশ্বাসী” বুলি লেখাৰ নিয়ম ৷ এনে ধৰণৰ চিঠিত আৰু দুটামান অতিৰিক্ত কথা  কেতিয়াবা লিখিব লাগে। সেয়া বাওঁফালে চিঠিৰ শেষত লেখা হয়।
আৱেদন আদিৰ বেলিকা প্রমাণ-পত্র বা তেনে কোনো নথিৰ প্ৰতিলিপি অথবা লগত বেংক ড্রাফট্ আদি দিলে তাৰ নম্বৰসহ মূল চিঠিৰ তলত “লগত গাঁথি দিয়া হৈছে” বুলি উল্লেখ কৰিব লাগে ।

সাধাৰণ চিঠিৰ নমুনা—      বিভিন্ন অংশ সমূহ :

সমীপেষু

শ্ৰী মিলন নাথ                                      ক) শিৰোনাম
দিছপুৰ
গুৱাহাটী ,

খ) সম্বোধন

গ)  মূলপাঠ

                                                         ঘ) সামৰণি
ইতি
আপোনাৰ
চহী/ নাম

চিঠি পোষ্ট কাৰ্ড , অন্তদের্শীয় – পত্ৰ অথবা লফাফাৰ  ভিতৰত পঠাব লগে ।  লফাফাৰ ওপৰত  উপযুক্ত ডাক-টিকট লগাব লগে । সিবোৰৰ ওপৰত নাম ঠিকনা সম্পূৰ্ণ কৈ লিখিব লাগে  নহলে  ডাগ-বিভাগৰ  অসুবিধা হয় , চিঠি হেৰাব পাৰে ।

প্রাপকজন বিশেষ পৰিচিত লোক নহলে অথবা আনৰ ঘৰত থাকলে মূল ব্যক্তিজনৰ নাম  লিখি
তাৰ তলতে অৱধায়ক (C/o) ৰূপে পৰিচিত ব্যক্তিজনৰ নাম দিব লাগে।

১। ছুটী বিচাৰি আৱেদন     (স্কুলৰ ছাত্র-ছাত্রীয়ে লেখা)

 



প্ৰতি
প্ৰধান শিক্ষক
ৰোহনী কুমাৰ চৌধাৰী উচ্চ  মাধ্যামিক বিদ্যালয়,

বিনীত সন্মানপূর্বক এই যে যোৱা মাহত মোৰ জ্বৰ হোৱাৰ বাবে ১১-০৫-২০২১ তাৰিখৰ পৰা ১৩-০৫-২০২১ তাৰিখলৈ মুঠতে তিনিদিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ।

গতিকে উক্ত তিনিদিনৰ বাবে মোৰ অনুপস্থিতি দয়া কৰি মাৰ্জনা কৰাৰ প্ৰাৰ্থনা।।

                                                        ইতি

                                আপোনাৰ একান্ত বাধ্য ছাত্র

                                              ৰমেন দাস

                                   নৱম  মান শ্রেণী, ‘ক’ শাখা

                                             ৰোল নং: ৩

 

ব্যৱসায়িক চিঠি-পত্র

 

২/ অধ্যক্ষ/প্রধান শিক্ষকলৈ আবেদন পত্র    

 

    সমীপেষু
প্রধান শিক্ষক
———- উচ্চ মাধ্যমিক বিদ্যালয়
———

মহাশয়,

ছাত্ৰ একতা সভাৰ পৰামৰ্শক্রমে বিহিত সন্মানেৰে তলৰ বিষয়কেইটিৰ প্ৰতি আপোনাৰ মনোযোগ আকর্ষণ কৰিব খুজিছোঁ। আশাকৰোঁ পূৰ্বৰ দৰেই সহৃদয়তাৰে বিবেচনা কৰি সোনকালে উপযুক্ত ব্যৱস্থা গ্রহণেৰে আমাক উৎসাহিত কৰিব।

১। আমাৰ খেল পথাৰখনৰ ঠায়ে ঠায়ে দ’ গাঁত হৈছে, সেইবোৰ পুৰোৱাৰ ব্যৱস্থা ল’ব লাগে।

২। গ’ল পোষ্ট দুটা পচিছে, সলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।
৩। ক্ৰিকেটৰ পিচখনৰো কিছু মেৰামতিৰ প্ৰয়োজন হৈছে।
৪। ছাত্ৰী-জিৰণি চ’ৰাত থকা এখন কেৰাম্-বৰ্ডত খেলিব নোৱাৰা হৈ পৰিছে, এখন নতুন বৰ্ড যোগানৰ ব্যৱস্থা কৰিব লাগে।
শৈক্ষিক দিশৰ লগতে খেলা-ধূলাৰ উন্নতিৰ ক্ষেত্ৰতো আপুনি সততে সজাগ দৃষ্টি ৰাখি আহিছে, তাৰ বাবে আমি কৃতজ্ঞ। উল্লিখিত বিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ সানুনয়ে অনুৰোধ জনালোঁ ।

                                                                               ইতি

                                                                    শ্ৰী——– হাজৰিকা

                                                                     সাধাৰণ সম্পাদক

                                                                       ছাত্র একতা সভা

                                                                 ———- উ: মাঃ বিদ্যালয়

 

৩/ ৰাজহুৱা স্বাৰ্থত লেখা চিঠি-পত্র

পৌৰপতি,

———–পৌৰসভা

বিষয় :  অনিয়মীয়া পানী-যোগান

মাননীয় পৌৰপতি মহোদয়,

আমি______ নম্বৰ ৱাৰ্ডৰ নিম্ন স্বাক্ষৰকাৰী বাসিন্দাসকলে আবেদন যোগে জনাওঁ যে যোৱা
প্রায় দুমাহ ধৰি আমাৰ এলেকাত পৌৰসভাই নিয়মীয়াকৈ পানী যোগান ধৰিব পৰা নাই। পূর্বে পুৱাবেলা আৰু বিয়লি এঘন্টাকৈ পানী দিয়াৰ নিয়ম আছিল। কিন্তু তাৰ ঠাইত এতিয়া পোন্ধৰ মিনিটকৈও পানী নিদিয়ে ।    তদুপৰি পানীৰ চাপ নিচেই কম হোৱাত চিৰ চিৰকৈ পানী আহে, সম্ভবতঃ ঠায়ে ঠায়ে পাইপত ফুটা ওলাইছে, সেয়ে মাজে মাজে ঘোলা পানী আহে। কোনো কোনোৱে গোপনে ব্যক্তিগত মটৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

আমাৰ এলেকাটো ডাঙৰ, পৌৰসভাৰ ভিতৰতে সৰ্ববৃহৎ ৱাৰ্ড পৌৰসভাৰৰ কৰ-কাটলো আমি নিয়মীয়াকৈ দি আছোঁ। কিন্তু অনিয়মীয়া পানী যোগানৰ বাবে আমাৰ বৰ হাৰাশাস্তি হৈছে। তাকে চাই-চিতি যাৱতীয় জৰৰী ব্যৱস্থা গ্ৰহণ কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ।

                                                                          ইতি
আপোনাৰ বিশ্বাসী

                                                                     স্বাক্ষৰ
১/
২/
৩/

 

প্ৰতি
কাৰ্য্যৱাহী অভিযন্তা,
গড়কাপ্তানী বিভাগ, (পথ)

________________ও সংমণ্ডল,

বিষয় : বাট-পথৰ পুনৰ নিৰ্মাণ / মেৰামতিৰ বাবে অনুৰোধ

মহাশয় ,
আবেদন যোগে জনাওঁ যে আপোনাক সংমণ্ডলৰ অধীনৰ জ্যোতিনগৰ অঞ্চলটোৰ বট-পথৰ অৱস্থা দিনে দিনে অধিক শোচনীয় হৈ পৰিছে। বাটৰ মাজতে ডাঙৰ ডাঙৰ গাঁত, তদুপৰি দুয়ো কাষ দ হৈ গৈছে, এজাক বৰষুণ দিলেই যাতায়াতৰ অনুপযোগী হৈ পৰে। ৰাষ্ট্ৰীয় পথৰ পৰা আমাৰ অঞ্চললৈ থকা মূল পথটোৰ দুয়োখন দলঙেই নিশকতীয়া। তাৰ ওপৰেদিয়েই দৈনিক তিনি-চাৰিখন বাছ চলে, ফলস্বৰূপে দুর্ঘটনাৰো আশংকা থাকে।

সেইবাবে প্ৰয়োজন অনুসৰি বাট-পথৰ পুনৰ নিৰ্মাণ অথবা মেৰামতিৰ কাজ শীঘ্ৰে হাতত লৈ অঞ্চলটোৰ ৰাইজৰ যাতাযাতৰ সুচল কৰিবলৈ আপোনাক বিনীত অনুৰোধ জনালোঁ।

                                                                                  ইতি
আপোনাৰ বিশ্বাসী

শ্ৰী______

চাকৰিৰ বাবে আৱেদন-পত্র

 

৪/ চাকৰিৰ বাবে আৱেদন-পত্র :

প্রতি
জিলা প্রাথমিক শিক্ষা বিষয়া
কামৰূপ গ্রাম্য

বিষয় : সহকাৰী শিক্ষয়িত্ৰী পদত নিযুক্তিৰ বাবে আৱেদন ।

মহাশয় ,
বিহিত সন্মানপূর্বক নিবেদন এই যে আপোনাৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ দুটামান পদ
খালী থকা বুলি জানিবলৈ পাইছোঁ। তাৰে এটি পদত সহকাৰী শিক্ষয়িত্ৰীৰূপে নিযুক্তি পোৱাৰ আশাৰে মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালোঁ। মোৰ বিষয়ে যাৱতীয় তথ্য তলত দিয়া হ’ল। লগতে মূল নম্বৰ তালিকা আৰু প্ৰমাণ-পত্ৰসমূহৰ নকল আপোনাৰ বিবেচনাৰ বাবে গাঁথি দিয়া হৈছে।

নাম : শ্ৰী _____ দাস

পিতৃৰ নাম : _______ দাস

স্থায়ী ঠিকনা : _______

শিক্ষাগত অর্হতা : ________

                                                                                     ইতি
আপোনাৰ বিশ্বাসী
(স্বাক্ষৰ)_____  দাস

 

#Assamese Application & All types of Assamese Application Format

Leave a Reply