যুক্তি কি || যুক্তিৰ অৰ্থ || যুক্তিৰ বৈশিষ্ট্য || যুক্তিৰ প্ৰকাৰ

 

যুক্তি | what is logic

যুক্তিৰ অৰ্থ:

যুক্তি হৈছে চিন্তা কৰিবৰ বাবে প্ৰয়োজন হোৱা এবিধ মানসিক ক্রিয়া, য’ত পূৰ্বৰ জ্ঞাত অভিজ্ঞতাৰ সহায়েৰে ব্যক্তিয়ে অজ্ঞাত অভিজ্ঞতালৈ গতি কৰিব পাৰে ৷ যুক্তি প্রয়োগে সমস্যা সমাধানৰ উপায় উদ্ভাৱনত সহায় কৰে।

হেনৰি ই. গেৰেটৰ মতে, “যুক্তি হৈছে মনৰ লক্ষ্য-উদ্দেশ্য বা প্রয়োজন অনুসৰি পৰ্যায়ক্রমে চিন্তা কৰা কাৰ্য।”



যুক্তিৰ বৈশিষ্ট্যসমূহ :

1.  উদ্দেশ্য সাধনৰ বাবে যুক্তি প্রয়োগ কৰা হয় ।

 

2.অভিজ্ঞতাৰ সহায়ত যুক্তি প্রয়োগ কৰা হয় ।

 

3. যুক্তি প্ৰয়োগৰ যোগেদি কোনো ঘটনাক    মানসিকভাৱে নিৰ্ধাৰণ কৰা হয়।

 

4 যুক্তিত সাংকেতিক চিহ্ন প্ৰয়োগ কৰা হয়।

 

5. যুক্তি সচেতন আৰু সুসংগঠিত মানসিক ক্রিয়া।

 

 

যুক্তিৰ প্ৰকাৰঃ

 

যুক্তি সাধাৰণতে দুই প্রকাৰে সংঘটিত হয়।

এই দুইবিধ যুক্তিৰ নিজস্ব স্বৰূপক তলত দাঙি ধৰা হ’ল—

 

1. নিগমনাত্মক যুক্তি —

মনৰ চিন্তাই সাধাৰণ বা সামান্যিকৰণৰ পৰা বিশেষীকৰণলৈ গতি কৰে৷ সাধাৰণতে প্ৰাপ্ত হোৱা জ্ঞানক ব্যক্তিবিশেষৰ ক্ষেত্ৰত প্ৰয়োগ কৰি উঠা হয়। সাধাৰণ জ্ঞান বা নীতিৰ ওপৰত ভিত্তি কৰি ব্যক্তি বিশেষৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়। জ্ঞানক সামান্যিকৰণৰ পৰা বিশিষ্টকৰণ কৰা এই গতিধাৰাকে নিগমনাত্মক যুক্তি বুলি কোৱা হয়৷

 

2. আগমনাত্মক যুক্তি –

প্রাপ্ত ঘটনাৰ ওপৰত ভিত্তি কৰি এই যুক্তিত বিশিষ্ট ঘটনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যেতিয়া ব্যক্তিগত ঘটনা বা অন্য পৰিস্থিতিৰ অভিজ্ঞতাক বিচাৰ-বিবেচনা কৰি এক সার্বজনীন নীতিক উদ্ভাৱন কৰা হয় তেনে যুক্তিৰ প্ৰক্ৰিয়াক আগমনাত্মক যুক্তি বুলি কোৱা হয়। ইয়াত বিশিষ্ট অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্রহণ কৰা হয়। সামাজিক সমস্যা সমাধানৰ বাবে এই যুক্তিক প্ৰয়োগ কৰা হয়।

 

1 thought on “যুক্তি কি || যুক্তিৰ অৰ্থ || যুক্তিৰ বৈশিষ্ট্য || যুক্তিৰ প্ৰকাৰ”

Leave a Reply