ইউটিউব || প্ৰথম ইউটিউব ভিডিঅ’ – Founder of YouTube

ইউটিউব || ইউটিবৰ সৃষ্টি

 

ইউটিবৰ সৃষ্টি হৈছিল চাড হাৰ্লে, ষ্টিভ চেন আৰু জাভেদ কৰিম নামৰ তিনিজন ব্যক্তিৰ দ্বাৰা ৷ চাড হাৰ্লে পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অভিকল্প কৰিছিল ৷ আনহাতে ষ্টিভ চেন আৰু জাভেদ কৰিমে আৰ্বানা চেম্পিয়েনৰ ইলিঅনচ বিশ্ববিদ্যালয়ত কম্পিউতাৰ বিজ্ঞান অধ্যয়ন কৰিছিল ৷ ২০০৫ চনত, এদিনাখন চান ফ্ৰান্সিচকত চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ ভিডিঅ’ কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হোৱাত হাৰ্লে আৰু চানৰ মনত ইউটিউব নামৰ মাধ্যমটোৰ ধাৰণা হৈছিল ৷ সেইদিনা কৰিম তাত উপস্হিত নাছিল বাবে ইয়াৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল ৷ এনেদৰে ২০০৫ চনৰ ১৪ ফেব্ৰৱাৰী তাৰিখে ইউটিউবক সক্ৰিয় কৰা হয় আৰু ইয়াৰ পৰবৰ্তী মাহবোৰত জালস্থানটোৰ উন্নত কৰা হৈছিল ৷ প্ৰথমাবস্থাত ইউটিউবৰ মুখ্য কাৰ্যালয় আছিল কেলিফৰ্ণিয়াৰ চান মাতেওত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানাত আৰু তাৰ পাছত কেলিফৰ্ণিয়াৰ চান ব্ৰুণৰ ইউটিউবৰ কাৰ্যালয়ত প্ৰথমে কাম আৰম্ভ কৰিছিল চেকুইয়ে কেপিটেল(Sequoia Capital) য়ে ২০০৫ চনৰ নৱেম্বৰৰপৰা ২০০৬ চনৰ এপ্ৰিলৰ মাজভাগত ৷
   ২০০৫ চনৰ ২৩ এপ্ৰিলত প্ৰথমটো ইউটিউব ভিডিঅ’ আপলোড কৰা হৈছিল আৰু ইয়াৰ নাম আছিল ‘মি এট দ্য জু(Me At The Zoo), যত উদ্ভাৱক জাভেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ’ চিৰিয়াখানাত আৰু এই ভিডিঅ’টো বৰ্তমানেও ইউটিউবত উপলদ্ধ ৷ সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’বোৰ আপলোড কৰিব পাৰে ৷ যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন(Community Guideline) সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘ্যৰ ভিডিঅ’ আপলোড কৰিব পাৰে ৷ যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে মোবাইল ফোন বা কম্পিউতাৰৰ সহায়ত সত্যাপন কৰিব লাগে। ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ’ৱো আপলোড কৰিব পৰা গৈছিল ৷ কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ’ আপলোড কৰা হৈছিলে। আকৌ ২০১০ চনৰ জুলাই মাহত ১০ মিনিটৰ সীমা ১৫ মিনিটলৈ বঢ়াই দিয়া হয় । সাধাৰণতে ইউটিউবত আপলোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও জাভা আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপলোড কৰিব পৰা যায় আৰু লাহে লাহে পৰবৰ্তী পৰ্যায়ত ইয়াত বিভিন্ন ফ’ৰমেটৰ ভিডিঅ’ আপলোড কৰিব পৰা গৈছিল ৷

Leave a Reply