টুইটাৰ || টুইটাৰৰ মুখ্য কাৰ্যালয় – Founder of Twitter

                                   টুইটাৰ || টুইটাৰ ব্যৱহাৰকাৰী || Twitter

২০০৬ চনৰ মাৰ্চ মাহত উদ্ভৱ হোৱা ইন্টাৰনেটত বহুলভাৱে প্ৰচলিত হোৱা এক সামাজিক মাধ্যম হল টুইটাৰ আৰু ২০০৬ চনৰ জুলাই মাহত জেক ডৰ্চিয়ে টুইটাৰক আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে ৷ টুইটাৰৰ মুখ্য কাৰ্যালয় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চেন ফ্ৰান্সিকো চহৰত অৱস্থিত ৷ তদুপৰি টেক্সাছৰ চেন এন্টনি আৰু ম্যাসাচুসেটচৰ বষ্টনত টুইটাৰৰ শাখা কাৰ্যালয় আছে ৷
  টুইটাৰ ব্যৱহাৰকাৰীসকলে সৰ্ব্বোচ্চ ১৪০ টা আখৰৰ আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে আৰু এইদৰে প্ৰকাশ কৰা বাৰ্তাবোৰক টুইট(Tweet) বুলি নামাকৰণ কৰা হয় ৷ টুইটাৰৰ সদস্যসকলে টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ নিজৰ প্ৰফাইল পৃষ্ঠাত দেখা যায় ৷ টুইটাৰৰ সদস্যসকলে অন্য সদস্যসকলৰ বাৰ্তা বা টুইটবোৰ পঢ়াৰ কাৰণে অনুসৰণ(Follow) কৰাটো আৱশ্যক আৰু কোনো সদস্যই টুইট পঢ়াৰ বাবে যাক অনুসৰণ কৰিছে বা যাৰ লগত একেলগ হৈছে সেইসকলক অনুসৰণকাৰী(Follower) বুলি কোৱা হয় ৷ বৰ্তমান টুইটাৰে সমগ্ৰ বিশ্বতে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ২০১০ চনৰ ৩১ অক্টোবৰলৈকে টুইটাৰত ১৭৫ মিলিয়ন অৰ্থাৎ ১৭.৫ কোটিৰো অধিক সদস্য আছিল ৷ পৰিসংখ্যা অনুসৰি একেই সময়তে টুইটাৰত ১৯০ মিলিয়ন বা ১৯ কোটি আৰু দৈনিক ৬৫ মিলিয়ন বা ৬.৫ কোটি টুইট আৰু ৮ লাখ অনুসন্ধানৰ কাম সম্পন্ন হৈছিল ৷ বিশেষতা অনুসৰি টুইটাৰক ইন্টাৰনেটৰ এছ.এম.এছ বুলি অভিহিত কৰা হৈছে ৷

Leave a Reply