আৱেগ
ইন্দ্রিয়যোগে পোৱা অনুভূতি পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে গতিপ্ৰৱণ হৈ উঠি অনিয়ন্ত্রিত অৱস্থাপ্রাপ্ত হোৱাকে আৱেগ বুলি কোৱা হয়।
মনোবিদ উদৱৰ্থৰ মতে, “আৱেগ হৈছে ব্যক্তিক সঞ্চালিত বা আন্দোলিত কৰা অৱস্থা।”
মনোবিদ মেকডুগেলৰ মতে, “আৱেগ হৈছে প্ৰবৃত্তিৰ আনুষংগিক অভিজ্ঞতা।”
দেহ-মানসিক ৰাসায়ণিক পৰিৱৰ্তনৰ যোগেদি আৱেগে প্ৰকাশ লাভ কৰে। সেয়েহে আৱেগ হৈছে এক জটিল দেহ-মানসিক অভিজ্ঞ ।
আৱেগৰ বৈশিষ্ট্যঃ
★ সুখদায়ক বা দুখদায়কস্বৰূপে আৱেগক বিভক্ত কৰিব পাৰি।
★সকলো জীৱ-জন্তৰেই আৱেগিক অভিজ্ঞতা থাকে।
★ দেহ-মনৰ কৰ্মক্ষমতাক আৱেগৰ উত্তেজনাই বাধা দিয়ে।
★আবেগৰ প্ৰভাৱ সহজে আঁতৰাব নোৱাৰি।
★ প্রবৃত্তিৰ পৰা আৱেগৰ উদ্ভৱ হয়।
অনুভূতি
ব্যক্তিৰ মানসিক ক্রিয়া অভিজ্ঞতাৰ প্ৰক্ৰিয়াক সজ্ঞান, অনুভূতি, ক্রিয়াবৃত্তিস্বৰূপে বিভক্ত কৰিব পাৰি। বহিঃজগতৰ ঘটনা, বিষয় আৰু পৰিস্থিতিয়ে মানসিক সক্রিয়তা প্রদান কৰে। বিষয়বস্তুৰ পৰা সংজ্ঞান লাভৰ পৰিণতিয়েই হৈছে অনুভূতি । অনুভূতি এজন লোকৰ আন এজন লোকতকৈ পৃথক অনুভূতিক মনৰ নিষ্ক্রীয় অৱস্থা বুলিব পাৰি। ই সক্রিয় হৈ উঠিলে আৱেগত পৰিণত হয়।
ইয়াৰ বৈশিষ্ট্য:
◆অনুভূতি এক ব্যক্তিনিষ্ঠ অভিজ্ঞতা।
◆ সকলো সময়তে অনুভূতিত সুখ-দুখৰ অনুভূতি স্পষ্ট হৈ নুঠে।
◆ অনুভূতি মনৰ এক স্বতঃস্ফূর্ত অৱস্থা ।
◆ মানসিক সচেতনতাৰ পৰা অনুভূতিৰ উদ্ভৱ হয়।
অনুভূতি আৰু আৱেগৰ পাৰ্থক্য