স্বাভাৱিক সংখ্যা -বৃহত্তম  স্বাভাৱিক সংখ্যা

 

স্বাভাৱিক সংখ্যা

 

1,2,3,4,5,6,7,………….. আদি সংখ্যা বোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ।

 

( বৃহত্তম  স্বাভাৱিক সংখ্যা বুলি  কোনো সংখ্যা পোৱা নাযায় )

 

*  শূণ্য (0) এটা  স্বাভাৱিক সংখ্যা নহয় । ই এটা পূৰ্ণ সংখ্যা ।

 

* যদি আমি দুটা বা তিনিটা স্বাভাৱিক সংখ্যা যোগ কৰে তেনেহলে যোগ ফলতো এটা স্বাভাৱিক সংখ্যাই  পাম ।

 

উদাহৰণস্বৰূপে :   2+7+6 = 15

 

এই ধৰ্মটো যোগ সাপেক্ষে স্বাভাৱিক সংখ্যাত আৱদ্ধ  ধৰ্ম বুলি কোৱা হয় ।

স্বাভাৱিক সংখ্যা বোৰ যোগ সাপেক্ষে ক্ৰমবিনিময় ।

 

উদাহৰণস্বৰূপে :  3+5 = 8

5+3 = 8

.°.  3+5 = 5+3

 

এই ধৰ্মটোক যোগ সাপেক্ষে স্বাভাৱিক সংখ্যাৰ ক্ৰমবিনিময় ধৰ্ম বুলি কোৱা হয় ।

 

স্বাভাৱিক সংখ্যাই যোগৰ সহযোগী ধৰ্ম মানি চলে  ।

স্বাভাৱিক সংখ্যা

 

 

 

স্বাভাৱিক সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আৱদ্ধ নহয়।

এটা স্বাভাৱিক সংখ্যাৰ পৰা আন এটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে , বিয়োগ ফল স্বাভাৱিক নহবও পাৰে ।

 

উদাহৰণস্বৰূপে      9 – 5 = 4  স্বাভাৱিক সংখ্যা হয়।

5 – 9=  -4 স্বাভাৱিক সংখ্যা নহয়।

 

স্বাভাৱিক সংখ্যাবোৰে বিয়োগ সাপেক্ষে ক্ৰমবিনিময় আৰু সহযোগী ধৰ্ম মানি নচলে ।

স্বাভাৱিক সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে  আৱদ্ধ ক্ৰমবিনিময়  আৰু সহযোগী  এই তিনিটা ধৰ্ম মানি চলে ।

 

যিকোনো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত ইহঁতৰ পূৰণফল সদায়  এটা স্বাভাৱিক সংখ্যা ।

 

*  1 এনেকুৱা  এটা স্বাভাৱিক সংখ্যা যে ইয়াক যিকোনো স্বাভাৱিক সংখ্যৰ লগত পূৰণ কৰিলে সেই স্বাভাৱিক সংখ্যাটোকেই পোৱা যায় । 

 

স্বাভাৱিক সংখ্যাৰ এই ধৰ্মটোক পূৰণ সাপেক্ষে অভেদ ধৰ্ম বুলি কোৱা হয় ।  আৰু 1 ক গুণত্মক অভেদ বোলা হয় ।

1 thought on “স্বাভাৱিক সংখ্যা -বৃহত্তম  স্বাভাৱিক সংখ্যা”

Leave a Reply