দূৰ সংবেদন কি ?

দূৰ সংবেদন

 

দূৰ সংবেদন হ’ল এনে এবিধ প্ৰযুক্তি ব্যৱস্থা যাৰ দ্বাৰা দূৰণিৰ তথ্য বিশেষ ব্যৱস্থাৰে সংগ্ৰহ কৰা হয় ।  দূৰ সংবেদন ব্যৱস্থাত কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নির্দিষ্ট ঠাইৰ ফটো লোৱা হয় আৰু এই ফটো অধ্যয়ন কৰি সেই ঠাইৰ ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়  ।

উদাহৰণস্বৰূপে  আন এখন ৰাজ্যত থকা দুৰ্গম অঞ্চলৰ নদী , পাহাৰ , অৰণ্য আদিৰ ব্যৱস্থাৰ বিষয়ে গুৱাহাটীত থকা দূৰ সংবেদনশীল ব্যৱস্থাৰ দ্বাৰাই  জানিব পাৰি । গুৱাহাটী চহৰৰ ক’ত কি হৈছে , ৰাস্তা-ঘাট , ঘৰ-দুৱাৰ , প্ৰাকৃতিক দুৰ্ঘটনা আদিৰ খবৰ নিমিষতে দূৰ সংবেদন ব্যৱস্থাৰ দ্বাৰা সহজে ল’ব পাৰি ।

মুঠতে দূৰ সংবেদন ব্যৱস্থাৰ দ্বাৰা সমগ্ৰ পৃথিৱীৰেই বিভিন্ন স্থানৰ বিভিন্ন পৰিৱেশৰ বিষয়ে সহজে তথ্য সংগ্ৰহ কৰিব পাৰি ।

বনধ্বংস , মৰুভূমি সৃষ্টি , বানপানী , ভূমিক্ষয় , নদীৰ গতিপথ , অৰণ্যৰ জুই , খনিজ পদাৰ্থৰ উৎস আদি বিভিন্ন প্ৰাকৃতিক তথ্য আজিকালি দূৰ সংবেদন ব্যৱস্থাৰে সঠিকভাৱে সহজে ল’ব পাৰি ।

Leave a Reply