মহাশিৱৰাত্ৰী || Mahashivratri

 মহাশিৱৰাত্ৰী

 এই উৎসৱ হিন্দু কেলেণ্ডাৰ হিচাপত ফাগুণ মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী/চতুৰ্দ্দশী তিথিত বিশেষকৈ ভাৰতত পালন কৰা হয় । হিন্দু পুৰাণ অনুসৰি এইটো দিনটোতে সৃষ্টিৰ আৰম্ভ হৈ মধ্যৰাতি আদিদেৱ ব্ৰহ্মাৰ পৰা ভগবান শিৱ ৰূদ্ৰ ৰুপ ধৰি প্ৰকট হৈছিল । পৌৰাণিক কথা মতে এই দিনটোতে ভগবান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল বুলি কোৱা হৈছে। সেয়ে এই দিনটোক মহাশিৱৰাত্ৰি ( Mahashivratri ) বুলি কোৱা হয় । এই শুভ দিনটোত ভগবান শিৱৰ ভক্ত সকলে ব্ৰত ৰাখি ভগবান শিৱৰ পূজা- অৰ্চনা কৰে । ইয়াৰ আঁৰত কিছুমান পৌৰাণিক কাহিনী জৰিত হৈ আছে।

 

মহাশিৱৰাত্ৰী

 

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ” পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে।   কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা  জ্যোতি লিংগ  দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।

কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।

শিৱ,SIVSANKAR

 

মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধবংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়।

গৰুড় পুৰাণৰ মতে, চিত্ৰভানু নামৰ ৰজা এজনে অষ্ট’বক্ৰৰ আগত তেওঁৰ পূর্বজন্মৰ কথা বর্ণনা কৰি কয় যে তেওঁ পূর্বজন্মত বাৰানসীৰ এজন চিকাৰী আছিল আৰু এদিন চিকাৰ কৰিবলৈ অৰণ্যত সোমাই চিকাৰ বিচাৰি থাকোতে ৰাতি হৈ যায়। তেওঁ অৰণ্যতে বেলগছ এডাল পাই তাতে উঠি আশ্ৰয় লয়। গোটেই দিন-ৰাতি তেওঁ অনাহাৰে থাকে। ৰাতি তেওঁৰ টোপনি নাহিল আৰু সময় কটাবলৈ বেলপাত চিঙি তললৈ দলিয়াই থাকিল। তেওঁৰ লগত থকা জল অলপ বৈ গৈ তলত পৰিল। তেওঁৰ থিক তলত এটা শিৱলিংগ আছিল। সেইদিনা শিৱ চর্তুদশী আছিল আৰু তেওঁ নজনাকৈয়ে শিৱপূজা সম্পন্ন কৰিলে। প্ৰভূ শিৱ তেওঁৰ ওপৰত সন্তুষ্ট হ’ল আৰু তেওঁ মৃত্যুৰ পিছত কৈলাস (শিৱলোক) ত স্থান পালে। তাৰ পিছত ৰজা হিচাপে পুনৰজনম পালে।
আকৌ এক প্ৰবাদ মতে, এদিন মা পার্বতীয়ে প্ৰভূ শংকৰক তেওঁৰ আটাইতকৈ প্ৰিয় দিনটোৰ কথা সোধাত, প্ৰভূই ক’লে যে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুর্দশীৰ দিনটো তেওঁৰ আটাইতকৈ প্ৰিয়। মা পার্বতীৰ মুখৰপৰা কথাখিনি শিৱলোকৰ অন্যবোৰে গ’ম পালে আৰু লাহে লাহে গোটেই জগততে বিয়পি পৰিল।
লোকবিশ্বাস অথবা মতবাদ অনুসৰি শিৱপূজা যিয়েই নহওঁক, মহাশিৱৰাত্ৰি হ’ল সনাতন হিন্দুসকলোৰ মূখ্য ধর্মীয় উত্‍সৱ। ভাৰতৰ হিমাচল প্ৰদেশৰ মন্দিৰৰ শিৱৰাত্ৰি মেলাকে ধৰি বহু ঠাইত বিশাল আয়োজনেৰে শিৱপূজা পালন কৰা হয়। অসমতো পৰম্পৰাগতভাৱে শিৱপূজা পালন কৰা হয়। ক্ৰেতা যুগত ৰামচন্দ্ৰই যেতিয়া সীতাক হেৰুৱাই শোকত ব্যাকুল হৈ পৰিছিল অগস্তি ঋষিৰ পৰামর্শত ৰামচন্দ্ৰই শিৱক ধ্যান কৰে আৰু যথাবিধি শিৱ অর্চনা কৰি শিৱৰ দর্শন পায়। শিৱই ৰামচন্দ্ৰক যোগ শিক্ষাৰ উপদেশ দিছিল। ফলত ৰামচন্দ্ৰই শোক সাগৰৰ পৰা স্থিৰ হ’ব পাৰিছিল। “চিন্তা কৰি চোৱা কোন কাৰ প্ৰিয়তমা পঞ্চভূতময় দেহা ইও বিৰম্বনা” আকৌ, “সীতা শোকে অধিৰ নহৈবা ৰঘুমনি কোন ভার্য্যা কোন স্বামী নাই চিনা-চিনি” আকৌ, “কোন কাৰ পতি পত্নী নাহি পৰিচয় মোৰ মোৰ বুলি জানা সবেও মৰয়” বর্তমানৰ উশৃংখল জনসমাজত স্থিৰতাৰ কাৰণে, জীৱনত লক্ষপ্ৰাপ্তীৰ কাৰণে সংযমী হ’বলৈ শিৱৰ এই উপদেশবোৰ সকলো শ্ৰেনীৰ লোকৰে প্ৰয়োজনীয় বুলি ভাবাৰ থল আছে |

Leave a Reply