চৰকাৰে NRL অসমৰ জনসাধাৰণৰ অজ্ঞাতে বিক্ৰী কৰি দিলে নেকি ? BPCL sells entire stake in Numaligarh Refinery for Rs 9,876 crore

কেইদিনমানৰ পৰা চচিয়েল মিডিয়াত বিভিন্নজনে লিখি আছে যে চৰকাৰে NRL অসমৰ জনসাধাৰণৰ অজ্ঞাতে বিক্ৰী কৰি দিলে   । বিভিন্নজনে  এই পোষ্টবোৰৰ সমৰ্থনত চৰকাৰৰ বিৰোধে মন্তব্য দিছে। 



NRL

প্ৰকৃততে NRL কোনো বনিয়া আদিক বিক্ৰী কৰা নায়।

আগতে NRL ত অংশীদাৰিত্ব আছিল, 

  ১) BPCL ৰ  ৬১.৫%

  ২)OIL  ৰ      ২৬%

  ৩)অসম চৰকাৰ ১২.৩৫%

  এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মে BPCL য়ে NRL  থকা নিজৰ সম্পূৰ্ণ ৬১.৫% অংশ বিক্ৰী কৰে। 

এই অংশৰ ,

 OIL য়ে কিনিলে ৫৪.১৬%

 EIL য়ে কিনিলে    ৪.৪%

অসম চৰকাৰে কিনিলে ৩.২%

বৰ্তমান NRL ত,

১) oil ৰ অংশ ২৬%+৫৪.১৬%=৮০.১৬%

২)অসম চৰকাৰৰ অংশ  ১২.৩৫+৩.২=১৫.৫%

৩)EIL ৰ অংশ= ৪.৪%

  এতিয়া NRL ৰ অংশদাৰিত্ব আৰু পৰিচালনা oil,eil আৰু অসম চৰকাৰৰ। BPCL ৰ হাতত থকা সম্পূৰ্ণ ৬১.৫% অংশ OIL, অসম চৰকাৰ আৰু EIL য়ে প্ৰায় ৯৮৭৬ কোটি টকাত ক্ৰয় কৰিছে। 

 এতিয়া NRL ৰ অংশদাৰিত্ব আৰু পৰিচালনা oil,eil আৰু অসম চৰকাৰৰ। BPCL ৰ হাতত থকা সম্পূৰ্ণ ৬১.৫% অংশ OIL, অসম চৰকাৰ আৰু EIL য়ে প্ৰায় ৯৮৭৬ কোটি টকাত ক্ৰয় কৰিছে। 

   কোনোবা বনিয়া বা বেচৰকাৰী ব্যক্তি/ কোম্পানীৰ হাতত NRL বিক্ৰি কৰিলে বুলি যি প্ৰচাৰ হৈ আছে সেইটো সত্য নহয়।

Leave a Reply