হিৰি ৰিৰি হিৰি ৰিৰি – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

 

হিৰি ৰিৰি হিৰি ৰিৰি

 

হিৰি ৰিৰি হিৰি ৰিৰি

হেই অ’ হেই হেই।

নীলাকৈ আকাশ তৰাফুল বছা

কিয়নাে ঐ হাঁহিৰে সপােন ৰচা।

বাৰিষাৰ ডাৱৰত বিজুলীৰ খেলা

কিয়নাে ঐ, সৰগৰ সফুৰা মেলা

হিৰি ৰিৰি হিৰি ৰিৰি

হেই অ’ হেই হেই।

সপােন মছিম

দিঠক ৰচিম

সাত মহলাৰ কাৰেং গঢ়িম

অ’ ভৈয়াই ঐ, বিজুলীৰ চাকি জ্বালিম

হিৰি ৰিৰি …।।

 

চোতালৰ জাবৰি

আঁজুৰি পিজুৰি

সাজিমে ফুলনি বাৰী জলমল ধুনীয়া

হ’ব বিনন্দীয়া

আমাৰে অলকাপুৰী

অ ভৈয়াই ঐ, আমাৰে অলকাপুৰী

হিৰি ৰিৰি…।।

পুৱাব সিদিনা

দুখৰে ৰজনী

ফৰকাল হ’ব সব হিয়া

ৰ’দত উজ্বলিব

কাৰেঙৰ কলচী

সুখৰ পােহৰত ধুনীয়া

অ’ ভৈয়াই ঐ, শান্তি দেশলৈ খােজ দিয়া।

হিৰি ৰিৰি…।

Leave a Reply