মেলানি বেলাৰ বিদায় লগন – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

 

মেলানি বেলাৰ বিদায় লগন

 

 

মেলানি বেলাৰ বিদায় লগন

যেতিয়া আহিব চাপি ,

উঠিবনে প্রিয়ে! তেতিয়া এবাৰ

হৃদয় তােমাৰ কঁপি?

আৱাহান কৰে যদি মােক জনতাই

প্রণয়ৰ বাহু-ডােল ছিঙি এৰুৱাই

যাম সেই সমদল সতে আগুৱাই

বিপ্লৱৰ অগনি জ্বলাই

টুকিবানে প্রিয়ে! লােতক এবাৰ

কান্দি উঁচুপি উঁচুপি?

যেতিয়া দেখিবা গধূলি সন্ধিয়া

মােৰ কলিজাৰ তেজেৰে বােলােৱা

ৰাঙলী পতাকাৰে তােৰণ গুঁথা

শােষিতৰ জয় পােৱালেৰে গথা।

দুখৰ এন্ধাৰ ফালি আঁউসী নিশাৰ

সােণােৱালি সাজে সাজি পুৱতি ঊষাৰ বিজয়িনী ভেশে আহি উলাহে হিয়াৰ

খুলি চিৰ-মুকুতি দুৱাৰ।-

পাৰিবিনে প্রিয়ে মনত এবাৰ

প্রিয়তম নাম জপি?

Leave a Reply