তেজ ৰাঙলী শােণিতপুৰী – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

 

তেজ ৰাঙলী শােণিতপুৰী

 

তেজ ৰাঙলী শােণিতপুৰী

গঢ়িলোঁ তেজেৰে।

হৃদয় ফালি শােণিত ঢালি

ৰঙা টোপালেৰে।।

কুমলীয়া দেহাৰ ভেটিত

তুলি গড় অগনিৰ

প্রণয় চাকিৰ প্রেম শলিতাৰ

জ্বালি দীপ-দীপালীৰ।

বান্ধি কাৰেং সজালোঁ মােৰ

ৰঙা পােৱালেৰে।।

পূৱৰ তােৰণ ভাঙি আনিম

ৰূপহী সােণালী ঊষা।

সজাম পৰাম আলােকেৰে।

জ্বালিম প্রণয় শিখা।।

চকুত বহি বজাব বীণ

দেবী পত্র লেখ।

কাচোন কাচি নাচোন নাচি

নাচিব চিত্রলেখী।

হৃদয় বেইত ধােৱাম প্রিয়াক

লােহিত ঢলেৰে।।

Leave a Reply