আপোনালৈ আহিছে নেকি চৌদী আৰৱৰ ফোনকল ? সতৰ্ক হওঁক ||Scam call

 

চৌদী আৰৱৰ ফোনকল

কিছু দিন আগৰে পৰা অসমৰ বিভিন্নজন ব্যক্তিলৈ চৌদী আৰৱৰ +৯৬৬ নম্বৰেৰে আৰম্ভ হোৱা ফোনকল  আহিছে৷ এই ফোনকল সমূহ ৰিচিভ কৰাৰ পিছত কোনোধৰণৰ উত্তৰ লাভ নকৰাকৈ কাটি যায় আৰু যেতিয়া কল বেক কৰা হয় তেতিয়াও বিপৰীত পক্ষই ফোন ৰিচিভ কৰিলেও নিজে নিজে কাটি  যায় ৷

   এই বৰ্ষৰে জুন মাহত ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰত এই ঘটনা সংঘটিত হৈছিল ৷ জম্মু কাশ্মীৰৰ বিভিন্নজন ব্যক্তিয়ে পাইছিল চৌদী আৰৱৰ পৰা এই ধৰণৰ বিশেষ ফোন কল৷  ঘটনা বৃদ্ধি পোৱাৰ  পিছতে জম্মু কাশ্মীৰৰ আৰক্ষীয়ে এনেসমুহ ফোনকল জনসাধাৰণক গ্ৰহন নকৰিবৰ লগতে পুনৰাই ফোন নকৰিবলৈও আহ্বান জনাইছিল ৷  এনে ধৰণৰ ঠগবাজিৰ ঘটনাক “One Ring Fraud Call’ নাইবা জাপানত কোৱা হয় ‘Wangiri Scam’ ৷

Scam call কি হয় ?

Scam call কি


কেতিয়াবা আমাৰ মোবাইলত call আহে …আৰু  call টো ধৰাৰ লগে লগে কয় 
ছাৰ মই ____ বেংকৰ পৰা কৈছোঁ ,আপোনাৰ নামত এটি লোনৰ অফাৰ আহিছে । আপুনি ___ টকাৰ লোণ পাব .. এনেকুৱা ধৰণৰ বিভিন্ন লোভ দেখুৱাই আপোনাক বিভিন্ন ধৰণৰ কথা কব ।
আৰু কেতিয়াবা ধৰক আপোনাৰ মোবাইল silent থাকিলে আপোনাৰ মোবাইলত  3-4 টা miss call দেখিব  আৰু আপুনি কোনোবা আপোনাৰ  চিনাকি বুলি কল বেক  কৰিব আৰু  আৰু তাত আপোনাক বিভিন্ন অফাৰ দি  আপোনক কথাৰ লোভত পেলাই আপোনাৰ বেংকৰ ধন উলিয়াবলৈ চেষ্টা কৰিব ।

এনেকুৱা ধৰণৰ দুষ্ট চক্ৰৰ  callৰ পৰা বাছি থাকিবলৈ …call ৰিচিভ নকৰিবলৈ true caller ব্যৱহাৰ কৰক ।


 

Leave a Reply