আই বি পি এছত (IBPS) 2,557 টা পদৰ চাকৰি
Institute of Banking Personnel Selection (IBPS) খালী হৈছে 2,557 টা পদ । আই বি পি এছৰ সঞ্চালকে (Director ,IBPS) এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে । উক্ত খালী পদসমূহ বেংক অৱ বৰোদা, বেংক অৱ ইণ্ডিয়া , বেংক অৱ মহাৰাষ্ট্ৰ , কানাড়া বেংক , চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া , ইণ্ডিয়ান বেংক , ইণ্ডিয়ান অভাৰচীজ বেংক , পাঞ্জাৱ নেচনেল বেংক , পাঞ্জাৱ এণ্ড ছিন্দ বেংক , ইউকো বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়া দেশৰ ভিন্ন প্ৰান্তত থকা কাৰ্যালয়ত পুৰন কৰা হব । মুঠ পদৰ ভিতৰত অসমত 24 টা , মণিপুৰত 3 টা , মেঘালয়ত 1টা , মিজোৰামত 1টা , নাগালেণ্ডত 5 টা , ছিকিমত 1টা আৰু ত্ৰিপুৰাত 12 টা পদ পূৰণ কৰা হ’ব । অসমত পূৰণ হব লগীয়া 24 টা পদৰ 15 টা পদ ইউকো বেংকত , কানাড়া বেংকত 8 টা আৰু বেংক অৱ ইণ্ডিয়াত 1 টা পূৰণ কৰা হব ।
শিক্ষাগত অৰ্হতা : প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ অপাৰেচনত ডিপ্লমা থকা হব লাগিব।
বয়সৰ সময় সীমা : 1ছেপ্টেম্বৰ2020 লৈ 20-28 ভিতৰত হব লাগিব ।
বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব ।
আবেদন মাচুল : এছ.চি , এছ. টি , দিব্যাংগ আৰু প্ৰাক্তন কৰ্মচাৰী শ্ৰেণীৰ প্ৰাৰ্থীয়ে 175 টকা আৰু অন্য শ্ৰেণীৰ প্ৰাৰ্থীয়ে 850 টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব ।
অনলাইন আবেদন আৰম্ভনিৰ তাৰিখ – 02/09/2020
অফিচিয়েল ৱেবচাইট – ইয়াত ক্লিক কৰক
বিজ্ঞাপনৰ বাবে = ইয়াত ক্লিক কৰক
অনলাইন আবেদনৰ বাবে = ইয়াত ক্লিক কৰক