অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰ

মানুহৰ বৈজ্ঞানিক নাম

 

প্ৰশ্ন : অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?

 

উত্তৰ : বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।

 

প্ৰশ্ন : অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি?

 

উত্তৰ : ডিলাই পাহাৰ, কাৰ্বি আংলং।

 

 

 

প্ৰশ্ন : মানুহৰ বৈজ্ঞানিক নাম কি?

 

উত্তৰ : হোমোচেপিয়ান।

 

প্ৰশ্ন : জীৱ কাক বোলে?

 

উত্তৰ : যাৰ জীৱন আছে তাক জীৱ বোলে।

 

প্ৰশ্ন : সমগ্ৰ জীৱ – জগতক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে?

 

উত্তৰ : দুটা ভাগত। যেনে – উদ্ভিদ আৰু প্ৰাণী।

 

প্ৰশ্ন : উদ্ভিদ আৰু প্ৰাণীৰ মাজত প্ৰধান পাৰ্থক্য কি কি?

 

উত্তৰ : প্ৰাণীয়ে নিজৰ অঙ্গ – প্ৰত্যঙ্গ সঞ্চালন কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কিন্ত প্ৰাণীৰ দৰে উদ্ভিদে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে।

 

প্ৰশ্ন : জীব – বিৱৰ্তন কাক বোলে?

 

উত্তৰ : কোনো সৰল প্ৰজাতিৰ পৰা গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ মাধ্যমেৰে অধিক জটিল প্ৰজাতিৰ উদ্ভৱ হোৱাকে জীৱ বিৱৰ্তন বোলে।

 

প্ৰশ্ন : জীৱ বিৱৰ্তনৰ জনক কোন?

 

উত্তৰ : চাৰ্লচ ডাৰউইন।

 

প্ৰশ্ন : জীৱ বিৱৰ্তনৰ সৈতে অভিযোজনৰ সম্পৰ্ক কি?

 

উত্তৰ : পৰিবেশৰ প্ৰভাৱত অভিযোজনৰ মাধ্যমেৰেই জীৱ – বিৱৰ্তন সম্পন্ন হয়।

 

প্ৰশ্ন : প্ৰাণী দেহত হৰমন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?

 

উত্তৰ : এণ্ডোক্ৰিন গ্ৰন্থি।

Leave a Reply