স্বয়ম আঁচনিৰ অধীনত প্ৰদান কৰা হ’ব ২লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ || স্বয়ম আঁচনিৰ অনলাইন আবেদন

স্বনিৰ্ভৰতাৰ বৃহৎ সুযোগ ৰাজ্যৰ সৰ্ববৃহৎ আত্ম সংস্থাপন আঁচনি ঘোষণা কৰিলে বৃত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  । প্ৰতি বছৰে অব্যাহত থাকিব আঁচনি ।

স্বয়ম আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এহেজাৰ কোটি টকা

 

স্বয়ম আঁচনিৰ অধীনত  প্ৰদান কৰা হ’ব এহেজাৰ কোটি টকা : ২০২০ ৰ ১ ছেপ্টেম্বৰৰ পূৰ্বে গঠন হোৱা আত্ম সহায়ক গোটে লাভ কৰিব এই সুবিধা ।
উদ্যামী যুৱক-যুৱতী সকলক স্ব-নিৰ্ভৰতাৰ বৃহৎ সুযোগ আনি দিব এই আঁচনি খনে  ।  বিশেষকৈ আৰ্থিক উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা আঁচনি খনৰ  অধীনত দুই লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজি  হিচাপে ৫০  হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
নৱ কল্পিত স্বয়ম আঁচনিৰ জৰিয়তে অহা তিনি মাহত ৰাজ্য চৰকাৰে খৰছ কৰিব এহেজাৰ কৌটি     টকা ।

 

আত্ম সহায়ক গোট বা কৃষক নির্মাণকাৰী সংস্থাসমূহৰ প্ৰত্যেক সদস্যলৈ দুটা কিস্তিত ৫০  হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজি আগবাঢ়াব ।
যাতে তেওঁলোকে এই ধনেৰে আৰম্ভ কৰিব খোজা কামৰ শুভ আৰম্ভ কৰিব পাৰে । নৱকল্পিত স্বয়ম গোষ্ঠীক ব্যৱসায়িমূখী বিস্তৃত পৰিসৰ বাবে এক তিনিমহীয়া প্ৰশিক্ষণ দিয়া হব । এই প্ৰশিক্ষণৰ  পিছতে গোষ্ঠীসমূহে আৰম্ভ কৰিব খোজা ব্যৱসায় অথবা অন্য পৰিকল্পনা জিলা পৰ্যায়ৰ নিৰ্বাচন কমিটিৰ ওচৰত প্ৰস্তাৱ আকাৰে দাখিল কৰিব লাগিব । এই প্ৰস্তাৱৰ মূল্যায়ন আৰু পৰ্যালোচনাৰ ভিত্তিত গোষ্টী সমূহলৈ প্ৰাৰম্ভিক ধন আগবঢ়োৱা হব ।
 
কোনে কোনে পাব এই সুবিধা:
i) ১ ছেপ্টেম্বৰ ২০২০ আগতে কালেক্টিভ এফৰ্ড আৰম্ভ কৰা সকলোৱে লাভ কৰিব এই সুবিধা ।
ii) গোট সমূহ ১ ছেপ্টেম্বৰ ২০২০ আগতে গঠন হোৱা হব লাগিব ।
iii ) গোটত ৫ জনৰ কম আৰু ২০ জনৰ বেছি সদস্য থাকিব নালাগিব।
iv )  আৱেদনকাৰী গোটৰ সদস্য সকল অসমৰ স্থায়ী বাসিন্দা হব লাগিব ।

 

V)  আৱেদন কাৰী গোটৰ ৰাষ্ট্ৰীয় বাণিজ্যিক আৰু কঁপাৰেটিভ বেংকত একাউন্ট থাকিব লাগিব আৰু একাউন্টৰ বিৱৰণত গোটৰ নাম থাকিব লাগিব ।
 
 
আৱেদন কাৰীৰ বয়সৰ সময় সীমা –
সদস্য সকলৰ বয়স ২০২০ ৰ ১ ছেপ্টেম্বৰৰ ভিতৰত ১৮  বছৰৰ ওপৰত আৰু ৪০  বছৰৰ বেছি হব  নালাগিব ।
 
আৱেদন কাৰীৰ শিক্ষাগত অৰ্হতা  –
আৱেদন কাৰী মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হব লাগিব ।
 
 
আৱেদন কেনেকৈ কৰিব –
i ) ১৬ছেপ্টেম্বৰ ২০২০ তাৰিখে পৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে ।
ii ) পৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰিব ।
iii ) আৱেদন কৰাৰ পিছত যুৱক- যুৱতী সকলক তিনিদিনীয়া কৈ প্ৰশিক্ষণ দিয়া হব ।
iv ) উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত  ঠিকাও কৰিব পাৰিব ।
V ) প্ৰথম কিস্তিত ৩০ হাজাৰ আৰু আৰু দ্বিতীয় কিস্তিত ২০ হাজাৰ টকাকৈ দিয়া হব ।

Leave a Reply