ফৌ-জি ম’বাইল গেম || FAU-G full form || FAU-G graphics

Fearless and United guards

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে আৰম্ভ কৰিব এটি নতুন গেম ‘ফৌ-জি’ । অক্ষয় কুমাৰে  টুইট যোগে জনাই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ আঁচনিক সমৰ্থন জনাই ফৌ-জি এই ম’বাইল গেমটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ । এই  গেমটোত ইণ্ডিয়ান আৰ্মিক দেখা পোৱাৰ সম্ভাৱনা আছে । আৰু এই গেমটিৰ জৰিয়তে লাভ হোৱা ধনৰ ২০% “ভাৰত কে বীৰ” উক্ত ন্যাসক দি দিয়া হ’ব ।

এই গেমৰ ব্যৱহাৰকাৰী সকলে এই গেমটি খেলি দেশৰ সৈনিক সকলৰ যি ত্যাগ এই সম্পৰ্কেও অনুভৱ কৰিব পাৰিব বুলি মন্তব্য কৰে জনপ্ৰিয় অভিনেতা গৰাকীয়ে । আৰু এই গেমটিত মনোৰঞ্জনৰ বাহিৰেও বহুতো কথা জানিব পৰা যাব আৰু শিকিব পৰা যাব  ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলে এই গেমটিক শেহতীয়াকৈ ভাৰতত নিষিদ্ধ হোৱা পাবজিৰ বিকল্প বুলিও মন্তব্য দিছে ৷
এই গেমটিৰ সম্পূৰ্ণ নাম হৈছে Fearless and United guards

Leave a Reply