আমেৰিকাৰ পৰা আহিছে এটি সুখবৰ || ৩-৪ সপ্তাহৰ ভিতৰতে আহি আছে আমেৰিকান ভেকচিন

মহামাৰী কৰ’না ভাইৰাছৰ মহাসন্ত্ৰাসৰ মাজতে আমেৰিকাৰ পৰা আহিছে এটি সুখবৰ । মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কলে অহা ৩-৪ সপ্তাহৰ ভিতৰতে আহি আছে আমেৰিকান ভেকচিন । 
আমেৰিকাৰ পৰা আহিছে এটি সুখবৰ  || ৩-৪ সপ্তাহৰ ভিতৰতে আহি আছে আমেৰিকান ভেকচিন


কৰ’না ভাইৰাছ প্ৰতিৰোধ আমেৰিকান ভেকচিন  অতি শীঘ্ৰেই বিশ্ব বাসীৰ মাজলৈ আহি থকাৰ  এই খবৰে আশাৰ সঞ্চাৰ কৰিছে সমগ্ৰ বিশ্বতে । পেঞ্চিল ভেনিয়াৰ এক সভাত ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা অনুসৰি মাৰ্কিন ভেকচিনে কেইবাটাও পৰ্যায়ৰ সফল পৰীক্ষা কৰাৰ পাছত অন্তিম পৰ্যায়ৰ দিশে গতি কৰিছে । অৰ্থাৎ সকলো ঠিকে থাকিলে মাৰ্কিন বিজ্ঞানীয়ে ৩-৪  সপ্তাহৰ ভিতৰতে সকলোৰে বাবে ওলাই দিব  কৰ’না ভাইৰাছ প্ৰতিৰোধক ভেকচিন । 

বিশেষ ভাবে উল্লেখযোগ্য মাৰ্কিন ভেকচিন প্ৰয়োগৰ অনুমতিৰ বাবে অহা ২২ অক্টোবৰত অনুষ্ঠিত হব FDA ৰ উপদেষ্টা সমিতিৰ বিশেষ বৈঠক । এই বৈঠকতে আমেৰিকাৰ ভেকচিনৰ ব্যৱহাৰ অনুমোদন দিয়া সম্ভাৱনা আছে । 
অৰ্থাৎ অহা এমাহৰ ভিতৰত মাৰ্কিন ৰাষ্ট্ৰই বিশ্ব বাসীক সুখবৰ দিয়াৰ পূৰ্ণ সম্ভৱনা আছে ।

Leave a Reply