অসমত পুনৰ লকডাউন হব নেকি ? মাস্ক পৰিধান নকৰিলে কিমান টকাৰ জৰিমনা ? কেন্দ্ৰ চৰকাৰে বান্ধি দিয়া কেতবোৰ নীতি নিয়ম

  মাস্ক পৰিধান নকৰিলে জৰিমনা

এতিয়াৰ পৰা ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ নহলে ৰাজ্য চৰকাৰে দিব নোৱাৰিব লকডাউন  ।  আজি সংবাদমেল যোগে মাননীয় স্বাস্থ্য মন্ত্ৰী  ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা উল্লেখ কৰে ।

লগতে কয় যে   যদিহে আপুনি মাস্ক পৰিধান নকৰা কৈ বাহিৰলৈ যায়   তেনেহলে প্ৰশাসনে লব পাৰে ৫০০ টকাৰ জৰিমনা ।  যদি হে আপুনি নিজৰ গাড়ীত অকলে গৈছে তেতিয়া আপুনি মাস্ক পৰিধান নকৰিলেও হব ।
প্ৰশাসনে আপোনাৰ পৰা জৰিমনা লব নোৱাৰে যদিহে আপুনি  গাড়ী খনত অকলে থাকে ।

কিন্তু ৰাজ্য চৰকাৰে এটা নীতি-নিয়ম ধৰি দিছে যে মন্দিৰ , মসজিদ , গীৰ্জা দোকান – পাহাৰ সামাজিক স্থানত যদি আপোনালোক ওলাই যায় তেতিয়া হলে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক ।

  যদিহে এনেকুৱা স্থানত মাস্ক  পৰিধান নকৰে তেতিয়া হলে ৫০০  টকাৰ জৰিমনা ভৰিব পাৰে ।
ইয়াৰ পূৰ্বৰ জৰিমনা ১০০০ টকা আছিলে যদিও  এতিয়া ৫০০ টকালৈ কমাই দিয়া হৈছে । 

Leave a Reply