সৰল সমীকৰণ

চলকৰ মনটোক সমীকৰণটোৰ সমাধান বুলি কোৱা হয় ।

■  এটা সমীকৰণ হ’ল এটা চৰ্তবিশিষ্ঠ চলক যাতে চলকৰ ৰাশি মান সমান হয় ।

■ সমীকৰণ সিদ্ধ কৰা চলকৰ মনটোক সমীকৰণটোৰ সমাধান বুলি কোৱা হয় ।

■ সমীকৰণটো বাওঁপক্ষ আৰু সোঁপক্ষৰ পক্ষান্তৰ ঘটালেও সমীকৰণটো সলনি নহয় ।

■সমতুল সমীকৰণ ক্ষেত্রত আমি যদি,

(i) দুয়ােপক্ষৰ লগত একে সংখ্যা যােগ কৰোঁ, বা (ii) দুয়ােপক্ষৰপৰা একে সংখ্যা বিয়োগ কৰো, বা (ii) দুয়ােপক্ষক একে সংখ্যাৰে পূৰণ কৰো, বা (iv) দুয়ােপক্ষক একে সংখ্যাৰে হৰণ কৰাে, সমীকৰণৰ সমতুল্যতাত ব্যাঘাত নহয়, অর্থাৎ বাওঁপক্ষৰ মান সোঁপক্ষৰ ৰ মানৰ সৈতে সমান থাকে।

■ওপৰৰ ধৰ্মবোৰ সমীকৰণ এটা সমাধানৰ এটা প্রণালিবদ্ধ পদ্ধতি দিয়ে। সমীকৰণটোৰ দুয়াে পক্ষৰ লগত এলানি (series) অনুৰূপ গাণিতিক প্রক্রিয়া এনেদৰে সম্পন্ন কৰা হয় যাতে কোনাে এটা পক্ষত মাত্র চলকটো থাকে। শেষ স্তৰটোৱেই হ’ল সমীকৰণটোৰ সমাধান।

■ পক্ষান্তৰৰ অৰ্থ হ’ল আনটো পক্ষলৈ গতি কৰা।  এটা সংখ্যাৰ পক্ষান্তৰটো দুয়ােপক্ষৰ লগত একে সংখ্যা যােগ কৰা (বা দুয়ােপক্ষৰ পৰা একে সংখ্যা বিয়ােগ কৰা)-ৰ সম ফলাফল দেখুৱায়। তুমি যেতিয়া এটা সংখ্যা এটা পক্ষৰ পৰা  আনটো পক্ষলৈ স্থানান্তৰ ঘটোৱা তেতিয়া তুমি ইয়াৰ ‘চিন’টো সলনি কৰা।

1 thought on “সৰল সমীকৰণ”

Leave a Reply