যোৱা নিশা জুবিন গাৰ্গক আক্ৰমণ ৬ দুৰ্বৃত্তৰ

জুবিন গাৰ্গক
নিশা ১২.৪০ মিনিটত জু ৰোড তিনি আলি ষ্টুডিও  পৰা কাহিলিপাৰা ঘৰলৈ গৈ থকা অৱস্থাত  জুবিন গাৰ্গৰ বাহনত গণেশ গুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আগভেটি ধৰে এটা দুৰ্বৃত্তৰ দলে ।

AS01-BY0675  এই নম্বৰৰ  বগা গাড়ীত অহা ৬ দুৰ্বৃত্তৰ দলে ।    হাতত বিয়াৰৰ বটল লৈ গাড়ী পৰা নামি অহা দলটোৱে প্ৰথমতে জুবিন গাৰ্গক বিভিন্ন অশ্লীল মন্তব্য কৰে । জুবিন গাৰ্গে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও দুৰ্বৃত্তৰ দলটোৱে জুবিন গাৰ্গক অসভ্য গালি গালাজ কৰে ।   অৱশ্যে জুবিন গাৰ্গৰ দুজন দেহৰক্ষীৰ তৎপৰতাত ঘটনা অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা পৰে । পৰৱৰ্তী সময়ত জুবিন গাৰ্গে দিশপুৰ থানাত এজাহাৰ দাখিল কৰে । 

Leave a Reply