মনেৰা ৰাজ্য

 জীৱবিজ্ঞান

 

মনেৰা ৰাজ্য কি

জীৱবিজ্ঞানীসকলে পৃথিৱীত জীৱৰ বিৱর্তনৰ ইতিহাস অধ্যয়ন কৰি এই ৰাজ্যৰ অন্তর্ভুক্ত জীৱসমূহকেই প্রথমে সৃষ্টি হােৱা জীৱ বুলি অনুমান কৰিছে। বেক্টেৰিয়া বিলাক হ’ল মনেৰা ৰাজ্যৰ অন্তর্ভুক্ত মুখ্য জীৱ।
 এই ৰাজ্যৰ অন্তর্ভুক্ত জীৱৰ সাধাৰণ বৈশিষ্ট্য বোৰ হ’ল :
 (i) এইবিলাক হ’লজীৱজগতৰ আটাইতকৈ ক্ষুদ্রতম আৰু সৰলতম অণুজীৱ।
(ii) ইহঁতৰ বেছিভাগেই এককোষী ।
(iii) মনেৰাৰ অন্তর্গত জীৱৰ  কোষবিলাক প্রকোষকেন্দ্রীয় অর্থাৎ সুস্পষ্ট কোষকেন্দ্র নাথাকে।
(iv) সিহঁতৰ কোষ কোষ অংগাণুবিলাক নাথাকে।
(v) ইহঁতে অযৌন পদ্ধতিৰে বংশবৃদ্ধি কৰে।
(vi) বেক্টেৰিয়া , নীলহৰিৎ সেলাই (BGA), ৰিকেটছিয়া আদি মনেৰাৰ অন্তর্ভুক্ত জীৱ।

Leave a Reply