টেক্সন কি? জীৱনৰ বর্গীকৰন ৰ বিভিন্ন টেক্সনসমূহৰ বৰ্ণনা

জীৱৰ বৰ্গীকৰণ

টেক্সন কি

টেক্সন (Taxon) হ’ল জীৱৰ বৰ্গীকৰণৰ মৌলিক একক। জীৱৰ বৰ্গীকৰণ কৰোঁতে কিছুমান গােটত ভাগ কৰা হয় যেনে : ৰাজ্য , পর্ব,  বিভাগ, শ্রেণী,বর্গ, গােত্র, গণ আৰু প্রজাতি। বৰ্গীকৰণৰ প্ৰতিটো এনে গােটকে টেক্সন বােলে।
আটাইতকৈবৃহত্তম টেক্সনটো হ’ল ৰাজ্য আৰু ক্ষুদ্রতম টেক্সনটো হ’ল প্রজাতি।
(1) ৰাজ্য (Kingdom) ও ই হ’ল জীৱৰ বৰ্গীকৰণৰ আটাইতকৈ বৃহত্তম মৌলিক একক। পৰস্পৰাগত ধাৰণা মতে আৰম্ভণিতে গােটেই জীৱজগত দুটা বৃহৎ গােটত বিভক্ত আছিল- উদ্ভিদ ৰাজ্য আৰু প্রাণী ৰাজ্য। পিছত এই আসোৱাহযুক্ত দ্বিৰাজ্যৰ ধাৰণাৰ উন্নতি সাধন কৰি আৰ এইচ হােৱাইটেকাবৰে পাঁচ ৰাজ্যৰ ধাৰণা আগবঢ়াইছিল।
ইয়াৰ মূলতে আছিল  –
(a) অণুজীৱৰ আৱিষ্কাৰ  ।
(b) জীৱ দেহৰ গঠনৰ জটিলতা সম্পর্কে জ্ঞানৰ  পৰিসৰ বৃদ্ধি।
(c) জীৱ বিজ্ঞানৰ পবিসৰ বৃদ্ধি আৰু বিভিন্ন দিশৰ অগ্রগতি ।
(2) পর্ব বা বিভাগ (Phylum or Division) :   বৰ্গীকৰণৰ বিন্যাসত ৰাজ্যৰ পিছৰ গােটটোৱেই হ’ল পর্ব বা বিভাগ   । বাহ্যিক  আৰু আভ্যন্তৰীণ চৰিত্ৰৰ ফালৰ পৰা সাদৃশ্য থকা কেইবাটাও শ্রেণী লগ হৈ পর্ব  বা বিভাগ গঠন  কৰে। সাধাৰণতে প্রাণীজগতৰ বর্গানুক্রমত পর্ব আৰু উদ্ভিদ ৰাজ্যৰ বর্গানুক্রমত বিভাগ ব্যৱহাৰ কৰা হয়।
উদাহৰণস্বৰূপে, একবীজপত্রী আৰু দ্বিবীজপত্রী নামৰ শ্রেণী দুটা বিভাগ গুপ্তবীজীৰ অন্তর্ভুক্ত। সেইদৰে প্রাণীজগতৰ মৎস, উভচৰ, সৰীসৃপ,পক্ষী আৰু স্তন্যপায়ী আদি বিভিন্ন শ্রেণীবােৰ পর্ব মেৰুদণ্ডীৰ অন্তর্ভুক্ত।
(3) শ্রেণী (Class) : পর্ব বা বিভাগৰ ঠিক পিছৰ মৌলিক গােটটো হ’ল শ্রেণী। কেইবাটাও সাদৃশ্যযুক্ত বা নিকট সম্পর্কীয় বর্গ লগ হৈ এটা শ্রেণী গঠন কৰে ।
 যেনেঃ একবীজপত্রী আৰু দ্বিবীজপত্রী উদ্ভিদবােৰ একো একোটা শ্রেণী।
(4) বর্গ (Order) : বর্গানুক্রমৰ শ্রেণীৰ ঠিক তলতেই ইয়াৰ স্থান। কেইবাটাও নিকট সম্বন্ধীয় গােত্র লগ হৈ এটা বর্গ গঠন কৰে ।
যেনেঃ প্রাণী ৰাজ্যৰ  মাংসহাৰী বর্গটো স্তন্যপায়ী শ্রেণীৰ অন্তর্ভুক্ত।
(5) গােত্র (Family) :  কেইবাটাও সাদৃশ্যযুক্ত বা ওচৰ সম্বন্ধীয় জাতি বা গণৰ সমষ্টিয়ে এটা গােত্র গঠন কৰে।
 যেনেঃ তামোল, নাৰিকল, তাল, টকৌ আদি গণকেইটা এৰেকেছি (Aracaceal) গোত্ৰৰ অন্তৰ্ভুক্ত ।
(6) গণ (Genus) : গােত্রৰ পিছৰ আৰু প্রজাতিৰ ঠিক ওপৰৰ মৌলিক এককটো হ’ল গণ বা জাতি । একেটা বংশৰ পৰা উদ্ভুত এক বা একাধিক পৰম্পৰ সম্পর্কযুক্ত প্রজাতিৰ সমষ্টিক গণ বা জাতি বােলে ।
 যেনেঃ আহত, বড়, ডিমৰু আদি উদ্ভিদবিলাক বেলেগ বেলেগ প্ৰজাতিৰ হ’লেও ইহঁত Ficus নামৰ গণৰ অন্তর্ভুক্ত ।
 (7) প্রজাতি (Species) : জীবৰ বর্গীকৰণৰ ক্ষুদ্রতম মৌলিক এককটো হ’ল প্রজাতি। এটা প্রজাতিৰ অন্তৰ্গত জীববিলাক দৈহিক আৰু জনন সংক্রান্তীয় চৰিত্ৰৰ ফালৰ পৰা একে হয় আৰু একেটা পূর্বপুৰুষৰ পৰা উৎপত্তি হয়।

Leave a Reply