খাদ্য নিয়ন্ত্ৰণ , উপবাস , যােগশাস্ত্র আৰু ব্ৰহ্মচৰ্য্য দ্বাৰ মনৰ শক্তি বৃদ্ধি কৰাৰ কেতবোৰ উপায়

মনৰ শক্তি বৃদ্ধি কৰাৰ  উপায়

 উপবাস
সোঁ বুঢ়া আঙুলিৰে আমাৰ সোঁ নাকটো বন্ধ কৰি আমাৰ বাওঁ নাকেৰে একৰ পৰা  আঠলৈ গণি উশাহ ল’ব লাগে। তাৰ পাছত আমাৰ তর্জনী আঙুলিৰে বাওঁ নাকটো বন্ধ কৰি একৰ পৰা আঠলৈ গণিব লাগে।
 আমাৰ সোঁ নাকৰ পৰা বুঢ়া আঙুলিটো আঁতৰাই একৰ পৰা আঠলৈ গণি উশাহ এৰিব লাগে আৰু এনে কৰােতে বাওঁ নাকত তর্জনী আঙুলিৰে বন্ধ কৰিব লাগে । তাৰ পাছত আকৌ সৌঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে উশাহ এৰিব লাগে। এইদৰে দুবাৰকৈ মুঠতে পাঁচবাৰ কৰিব লাগে।

বহাৰ নিয়ম

যােগ শাস্ত্রত বহাৰ বিভিন্ন ভঙ্গী আৰু ধ্যানত বহাৰ ভঙ্গীৰে ধ্যানমগ্ন হ’লে মনটো অৱশ্যেই শান্ত হয়। এনে আসনত বহিলে কোনাে অসুবিধা নোহোৱাকৈ  বহু দেৰিলৈ থাকিব পাৰে । এই আসনবােৰত বহি যােগ কৰিলে বা ধ্যানমগ্ন হলে ৰাজহাড় পােন হৈ  ৰয় যাৰ  বাবে প্রাণ উর্দ্ধমুখী হোৱাত সহায়ক হয়। যেতিয়া ৰাজহাড়ৰ প্রাণ উর্দ্ধমুখী হয় তেতিয়া মন শান্ত আৰু সমাহিত হৈ পৰে। সেইবাবে উচ্চ চেতনা সৃষ্টি হয় আৰু মনটোৰ শক্তি বহু গুণে বৃদ্ধি পায় ।

খাদ্য

     মনটোৰ ওপৰত আহাৰে যথেষ্ট প্রভাব পেলায় বুলি যােগশাস্ত্রই কয় । যােগশাস্ত্রই তিনিবিধ আহাৰৰ কথা কয়   যথা, সাত্বিক, ৰাজসিক আৰু  তামসিক। সাত্বিক আহাৰ গ্রহণ কৰিলে শৰীৰত সুকলমে প্রাণে সঞ্চাৰিত হ’ব পাৰে যাৰ ফলত মনটো শান্ত আৰু যোগাত্মক হোৱাৰ  উপৰিও ই সম্পূর্ণ নিয়ন্ত্ৰাধীন হয়। সাত্বিক আহাৰৰ ভিতৰত ফল-মূল, শাক-পাচলি, গাখীৰ, মৌ, নেমু, শুকান ফল যেনে বাদাম, চাউল আৰু দাইল আদি পৰে। ৰাজসিক আহাৰৰ ভিতৰত চাহ, কফি, ধপাত,  বিড়ি, শীতল পানীয় (কোকাকোলা জাতীয়), শর্কৰা (চেনী), নিমখ আদি গ্ৰহনৰ ফলত মনটো অশান্ত আৰু চঞ্চল  হয়। আনহাতে তামসিক আহাৰৰ ভিতৰত মাংস, পিয়াজ, সুৰা জাতীয় পানীয়, চর্বি জাতীয় আহাৰে মনটো নিষ্ক্রিয় আৰু এলেহুৱা কৰে।
আহাৰ গ্ৰহণৰ আন এটা আৱশ্যকতা হ’ল আমি কোন সময়ত আহাৰ গ্রহণ কৰিব লাগে আৰু কিমান পৰিমাণে আহাৰ খাব লাগে, কেনো ধৰণৰ আহাৰ খাব লাগে আৰু আমি কেনে তাপমাত্রাত আহাৰ গ্রহণ কৰিব লাগে ।

 

 উপবাস

উপবাসেও শৰীৰৰ বর্জনীয়খিনি  আঁতৰাই মনৰ নিয়ন্ত্রণৰ দ্বাৰা শৰীৰত সন্তুলন প্ৰাণৰ সঞ্চাৰ প্রাণ কৰে । আনহাতে আমি ইচ্ছাশক্তিক কাবু কৰি বিভিন্ন ধৰণৰ লােভনীয় আহাৰৰ চিকাৰ হোৱাৰ পৰা নিজকে বচাব লাগিব। এইটো কৰিব পাৰিলে আমি মনটোক নিয়ন্ত্ৰণত ৰাখিবলৈ শক্তি পাম।

ব্ৰহ্মচৰ্য্য

 আমাৰ মনটো নিয়ন্ত্ৰণত ৰখাত ব্ৰহ্মচৰ্য্যই  বিশেষ প্রভাব বিস্তাৰ কৰে। যিজনে অনাহকতে নিজেৰ যৌন শক্তি অপব্যয় কৰে তেওঁ কেতিয়াও নিজৰ মনটো নিয়ন্ত্রণ কৰিব নােৱাৰে। অৱশ্যে ইয়াত ব্ৰহ্মচর্যই যৌনতাৰ পৰা সম্পূর্ণ আঁতৰি থকাটো নুবুজায়। ইয়াত এইটোত গুৰুত্ব দিয়া হৈছে যে মানুহে কোনাে কাৰণতে যৌন স্পৃহা বলি বা দাস হাৱাটো অনুচিত। কিয়নাে যৌন শক্তিৰ সঠিক নিয়ন্ত্ৰণৰ দ্বাৰা আমাৰ অফুৰন্ত শক্তি ৰাহি কৰি আমাৰ মনটোৰ উত্তৰণ ঘটাব পাৰি।

 ওঁম  শব্দ-ধবনি

 এই শব্দৰ ধ্বনি বিশেষকৈ ইয়াৰ কম্পনৰ বাবে আমাৰ অশান্ত মনক শান্ত আৰু নিয়ন্ত্ৰণৰ বাবে বিশেষভাৱে উপযোগী । এই ওঁম শব্দৰ ধ্বনি কৰিবলৈ হ’লে প্রথমে আমি গভীৰভাৱে দীঘলীয়াকৈ উশাহ লৈ পিচত মুখেদি লাহে লাহে উশাহ এৰিদি এই ধ্বনি উচ্চস্বৰত যিমান পাৰি দীঘলীয়াকৈ আৰু মাজত ৰৈ নােযােৱাকৈ কৰিব লাগে। শেষত ওঁঠ দুটা জপাই ওঁমৰ ম’ ধ্বনিটো কৰিব লাগে।
Yoga: The Top 100 Best Yoga Poses: Relieve Stress, Increase Flexibility, and Gain Strength (Yoga Postures Poses Exercises Techniques and Guide For Healing … Strengthening and Stress Relief Book
buy now 30% off for this link 👇👇👇

Leave a Reply