ইংৰাজী ভাষাৰ বাক্য ৰচনা কঠিন নহয় । বাক্য এটা ৰচনা কৰাৰ বাবে কি কি বস্তুৰ প্ৰয়োজন সেইখিনি কথা জানি ল’লে যি কোনোৱে ইংৰাজী বাক্য ৰচনা কৰিব পাৰিব । অৱশ্যে বাক্য ৰচনাৰ নিয়ম জনাৰ ওপৰিও ইংৰাজী শব্দৰ ওপৰত জ্ঞান থাকিব লাগিব ।
সৰল ইংৰাজী বাক্য এটা ৰচনা কৰা বাবে দুটা বস্তুৰ প্ৰয়োজন । সেই দুটা বস্তু হৈছে Subject আৰু verb , subject মানে কৰ্তা অৰ্থাৎ ক্ৰিয়াৰ কাম যিয়ে কৰে । I do – এই sentencet অত ‘I’ subject অৰ্থাৎ কৰ্তা আৰু ‘do’ Verb . I do – এটা sentence হৈছে । subject আৰু verbৰ উপৰি sentence লিখোঁতে কেতিয়াবা আন আন পদো লাগে ।