অৰুনোদয় আঁচনি || অৰুণোদয় আঁচনি 2023

অৰুনোদয় আঁচনি

সামাজিক-অৰ্থনৈতিক উন্নয়নেৰে পৰিপূৰ্ণ ভেটিত গঠিত এখনি নতুন অসম গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে অভিলাষী “অৰুণোদয়” আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৭ লাখ পৰিয়াললৈ প্ৰতিমাহে ৮৩০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ 

Assam Orunodoi Scheme 2020


অৰুনোদয়  আঁচনি খনৰ  বৈশিষ্ট্য সমূহ হৈছে  :

★ আৰ্থিক ভাৱে দুৰ্বল পৰিয়াললৈ মাহিলি ৮৩০ টকাৰ আৰ্থিক সাহায‍্য  প্ৰদান কৰা হব ।
★ পৰিয়ালৰ দ্বাৰা নিৰ্বাচিত মহিলাগৰাকীৰ নাম এই সুভিধা প্ৰদান কৰা হব ।
★  হিতাধিকাৰীৰ বেংক একাউন্টত প্ৰত্যক্ষ হস্তান্তনৰ প্ৰক্ৰিয়াৰে ধনৰাশি জমা কৰা হ’ব ।
★  প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰায় ১৯ লাখ হিতাধিকাৰীক সাঙুৰি লোৱাৰ লক্ষ্য ।

আঁচনিত অন্তৰ্ভুক্ত হবলৈ  যোগ্যতা

★  আবেদনকাৰি অসমৰ স্থায়ী বাসিন্দা হব লাগিব ।
★  বৰ্তমান অসমত বসবাস কৰা হব লাগিব ।
★ পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব ।
★ আবেদনকাৰীৰ বেংক একাউন্ট থকাটো বাধ্যতামূলক  ।

অগ্ৰাধিকাৰ লাভ কৰিব লগীয়া পৰিয়াল সমূহ :

★ স্বামীহীনা /বিবাহ বিচ্ছেদিত/অবিবাহিত মহিলা/পৰিয়ালৰ পৰা পৃথকে থকা মহিলা৷
★ দিব্যাংগ সদস্য থকা পৰিয়াল ।
সকলো অভাৱগ্ৰস্ত পৰিয়ালক এই সুবিধা প্ৰদান কৰা হ’ব৷ ইয়াৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত তেওঁলোকে সুবিধা লাভ কৰিছে বা নাই কৰা সেয়া বিচাৰ্য নহয় ৷
২ অক্টোবৰ ২০২০ ৰ পৰা এই আঁচনি কাৰ্যকৰী কৰা হব ।
অৰুনোদয়  আঁচনিৰ ২০২০ আবেদন পত্ৰৰ বাবে    –  ইয়াত ক্লিক কৰক
অৰুনোদয়  আঁচনিৰ  ২০২০ জাননী বাবে    –    ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবচাইট  –    https://finance.assam.gov.in/

Leave a Reply