মাৰুটি ছুজুকিৰ বিক্ৰী ৮১ শতাংশ হ্ৰাস পাইছে

Maruti suzuki

মাৰুটি ছুজুকিৰ বিক্ৰী এপ্ৰিল- জুন মাহত  ৮১শতাংশ হ্ৰাস পাইছে । বিগত বৰ্ষটোৰ এই সময়ছোৱাত  ৪০২,৬০০ ইউনিত বিক্ৰী হোৱাৰ বিপৰীতে চলিত বৰ্ষত বিক্ৰী হৈছে মাত্ৰ ৭৬৫৯৯ ইউনিত ।

ইয়াৰ বাবে বৰ্ষটোৰ এপ্ৰিল-জুন ২৬৮.৩কোটি টকা লোকচান হৈছে কোম্পানীটোৰ । মহামাৰী ক’ভিড-১৯ৰ বাবে বলৱৎ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিততে কোম্পানীটোৰ এই লোকচানৰ সন্মুখীন হ’বলৈ গৈছে ।  আনহাতে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষটোত কোম্পানীটোৰ ৰাজহ  ৭৮.৬৮ শতাংশ হ্ৰাস পাইছে । অৰ্থাৎ বিগত বৰ্ষত ১৯,২৭৩.২ কোটি টকা ৰাজহ   সংগ্ৰহৰ বিপৰীতে এই বৰ্ষটোত এতিয়ালৈকৈ সংগ্ৰহ হৈছে মাত্ৰ  ৪১১০.৬কোটি টকা  ।  উল্লেখ্য যে কোম্পানীটোৰ ৰপ্তানিও ৬৬শতাংশ হ্ৰাস পাইছে । 

Leave a Reply