তোমাৰ মৰমে মোৰ – দেহত তুলিলে ধৌ বুকুত দিলেযে মৌ

Jyanta Hazarika / tumar morome mur

তোমাৰ মৰমে মোৰ

দেহত তুলিলে ধৌ
বুকুত দিলেযে মৌ
কিযে মিঠা মিঠা
কেনেকৈ কিযে হৈ গল
কলিটি কুসুম হল
সুৰভী উপচি গল
কিযে ভাল লগা
তোমাৰ মৰমে মোক
ফুলে কয় বতাহক লাহেকৈ
এই কি কৰিলা
বতাহেওঁ সুধিছে ফুলকেই
এই কি কৰিলা
গোপন ফাগুণে যেন
লুকাই হাঁহিছে সৌ
খুলি গোপনতা
তোমাৰ মৰমে মোৰ
জিৰজিৰ এধানী
সৌ জুৰিটিজে
নীলাকৈ পানীৰে ভৰি গল
কোন ছেগতেজে
মৰম নদীতে যেন
নিজক উটাই দিম
কিযে আকুলতা
কিযে মিঠা মিঠা
কিযে ভাল লগা
কিযে আকুলতা ।

 

Leave a Reply