টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে  খামটি ছোৱালী – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

টিলাই টিলাই
টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খামটি ছোৱালী।
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙ মনেৰে খেলি ফুৰে।
নাচনী বিজুলী।
টিলাই…
বনৰে বনৰীয়া
বেকাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজ্বলি।
টিলাই ..
পােৱালৰে ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খামটি ছোৱালী
কাষ চাপোঁতেই
তাৰে বুকুত পৰে ঢলি
 খামটি ছোৱালী।
                                                                                                     টিলাই …….

Leave a Reply