জয় সাগৰৰ বুকুৰ মাজত
উঠে চকুলােৰে ধল
মলয়াই তােলে হিয়াভঙা সুৰ
কৰুণ বিননি ৰােল
জয়া নাই, জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।।
তেজৰ টোপাল চকুলাে ওলাল
নয়নৰ পাহি ফালি
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্রেমেৰ সুৰভি ঢালি
স্বামীতাে তৰিলে দেশকো ৰাখিলে
নিজকে দিলে বলি
জয় দেউলৰ শিৰত বুলালে
সােণৰ গৰিমা বােল
আজিও কুলীয়ে কলচিত বহি
তোলে বিনিনিৰ ৰোল।
সেই সাগৰত তেজৰ টুপিয়ে
বোলোৱা ৰঙালী তুলি
জ্বলোৱা দীপালী চাকৰি শিখাৰে
হৃদয়ত শলিতা জ্বলি
কোৱা অসমৰ গাভৰু ছোৱালী
যাবা অসমীয়া দল
আজিও জয়া হিয়াত আছে
নুতুলিবা তেনে ৰোল।