কেদাৰ নাথ মন্দিৰ

কেদাৰনাথ /শিৱ মন্দিৰ
কেদাৰ নাথ মন্দিৰ উত্তৰখণ্ডত  অৱস্থিত । ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক  অন্যতম । স্কন্দ পুৰাণত থকা কাহিনী অনুসৰি শিৱই পাৰ্বতীক কৈছিল এই ঠাই যিমানে প্ৰাচীন সিমানেই মই প্ৰাচীন ,এই স্থান মোৰ চিৰ অৱস্থা ভূমি ।

পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল । তেওঁলোকৰ কঠোৰ তপস্যাত সন্তুষ্টি হৈ  শিৱই কেদাৰ শৃংগত  জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে ।

 

মহাভাৰতৰ পঞ্চ-পাণ্ডৱ বিজয়ী হোৱা পিছত  তেওঁলোকে পাপৰ জুইত বুৰ গৈছিল কাৰণ  তেওঁলোকৰ হাতত বহুতো লোকে প্ৰাণ হেৰুৱাইচিল । এই পাপৰ পৰা মুক্ত হবলৈ পঞ্চ-পাণ্ডৱে  শিৱৰ দৰ্শন লাভ কৰি আশীৰ্বাদ লব বিচাৰিছিল । কিন্তু শিৱই  পঞ্চ-পাণ্ডৱক দেখা দিব বিচৰা নাছিল   । পঞ্চ-পাণ্ডৱে যাতে শিৱক কেতিয়া ও লগ নাপাই তাৰবাবে  শিৱই কৈলাশৰ পৰা আহি কেদাৰ শৃংগত বাস কৰিছিল । কিন্তু পঞ্চ-পাণ্ডৱে শিৱক বিচাৰি বিচাৰি আহি কেদাৰ শৃংগত ও উপস্থিত হৈছিল । তাত পঞ্চ পাণ্ডৱক দেখি শিৱই ম’হৰ ৰূপ ধাৰণ কৰিছিল । ম’হৰ ৰূপ ধাৰণ কৰি শিৱই অন্য ম’হৰ  জাকৰ সৈতে চৰি ফুৰিছিল  । পঞ্চ-পাণ্ডৱে লাহে লাহে সেই কথাটো অনুমান কৰিব পাৰিছিল  সেয়েহে ভীমে নিজৰ শৰীৰটোৰ বিশাল ৰূপ ধাৰণ কৰি দুখন পাহাৰৰ মাজত নিজৰ ভৰি দুখন মেলি দিছিলে আৰু ভীমৰ ভৰিৰ তলেৰে সকলো জীৱ-জন্তু পাৰ হৈ গৈছিলে কিন্তু ম’হ ৰূপী শিৱ ৰৈ গল কাৰণ ভৰিৰ তলেৰে শিৱ পাৰ হৈ যোৱাত অস্বীকাৰ কৰিছিল । সেয়েহে ম’হ ৰূপী শিৱ নিজৰ ঠাইতে ৰৈ গ’ল  আৰু তেতিয়া ভীমে অনুমান কৰিব পাৰিলে  এয়া যে সাধাৰণ ম’হ নহয়  । ভীমে ম’হটোক লগা লগ জঁপিয়াই ধৰোঁতে ম’হ ৰূপী শিৱই পাতালত লুকাবলৈ লয় কিন্তু ভীমে ম’হটোৰ পিছৰ অংশ জোৰেৰে সাৱটি  ৰাখে। শিৱই পঞ্চ-পাণ্ডৱৰ ভক্তি আৰু কঠোৰ সংকল্পত সন্তুষ্টি হৈ তেওঁলোকৰ আগত নিজৰ ৰূপ দৰ্শন দিয়ে  আৰু পঞ্চ-পাণ্ডৱক আশীৰ্বাদ দি  পাপৰ পৰা মুক্তি কৰে ।
সেই স্থানতে পঞ্চ-পাণ্ডৱে কেদাৰ নাথ মন্দিৰ নিৰ্মান কৰে আৰু তেতিয়াৰে  পৰা মহাদেৱ শিৱক ম’হৰ পিছৰ আকৃতিৰ ৰূপত কেদাৰ নাথত পূজা অৰ্চনা কৰি অহা হৈছে  ।
উল্লেখ যে কেদাৰ নাথ মন্দিৰৰ দুৱাৰ শীত ঋতুত বন্ধ কৰি দিয়া হয় । মন্দিৰৰ পুৰোহিতে  এগজি চাকি জ্বলাই সন্মান সহকাৰে  ছয়মাহৰ বাবে কেদাৰ নাথ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়ে  । এই ছয়মাহ কেদাৰ নাথ মন্দিৰৰ ওচৰে-পাজৰে কোনো লোকে বস-বাস নকৰে । আচৰিত কথাটো হল  এই ছয়মাহ চাকি গজি নুনোমোৱাকৈ এ নিৰন্তৰ  জ্বলি থাকে । এই কথাৰ অন্তত প্ৰতিজন লোকৰ অন্তৰ শিৱ ভক্তিত গোট গোট হৈ পৰে ।

 

মহাদেৱ শিৱই সকলোৰে জীৱনলৈ আশীৰ্বাদৰ বৰষুণ  সিঁচক । আৰু যিসকলে কেদাৰ নাথ মন্দিৰ দৰ্শন কৰা কথা ভাবি আছে  তেওঁলোৰো মনৰ আশা অতি সোনকালে পূৰণ হওঁক ।

 

4 thoughts on “কেদাৰ নাথ মন্দিৰ”

Leave a Reply