কাৰ্গিল বিজয় দিৱস

কাৰ্গিলৰ যুদ্ধ

১৯৯৯ চনৰ ২৬ জুলাইৰ পৰা প্ৰত্যেক বছৰে   কাৰ্গিল দিৱস পালন কৰা হয়  । এই দিৱস কাৰ্গিল যুদ্ধৰ বীৰ সকলক  সন্মান আৰু  প্ৰণাম জনাবলৈ  পালন কৰা হয় যিয়ে দেশৰ হকে  নিজৰ জীৱন ত্যাগ কৰিছিল ।

কাৰ্গিল যুদ্ধ ১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল , এই যুদ্ধ কাশ্মীৰৰ কাৰ্গিল জিলা আৰু LINE OF CONTROL (L O C) মাজত হৈছিল  ।   এই যুদ্ধ আৰম্ভ হৈছিল যেতিয়া পাকিস্তানৰ  সন্ত্ৰাসবাদী বোৰে ভাৰতৰ ভূখণ্ড বোৰ দখল কৰিব লৈছিল  আৰু তেতিয়া ভাৰতীয় সেনাই সেই পাকিস্তানৰ সন্ত্ৰাসবাদী বোৰক ধৰা পেলাইছিল আৰু তেতিয়া ভাৰতীয় সেনাই ভাৰতৰ  ভূখণ্ড বোৰ পাকিস্তানৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ    অপাৰেচন বিজয়  আৰম্ভ কৰিছিল ।

ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বহুত  কঠিন অৱস্থাতাত ১৮,০০০ ফুট উচ্চতাত  যুদ্ধ  কৰিছিল । এই যুদ্ধত ভাৰতীয় বায়ু সেনাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিলে । ভাৰতীয় বায়ু সেনাই প্ৰথম বাৰৰ বাবে ৩২,০০০ফুট উচ্চতাত বায়ু শক্তি ব্যৱহাৰৰ কৰিছিল আৰু তেনেকৈ এ কাৰ্গিলৰ যুদ্ধ ৬০ দিন ধৰি মে আৰু জুলাই মাহৰ  মাজত  হৈছিল ।
এই যুদ্ধত বহুতো সেনাই নিজৰ জীৱন হেৰাইছিল।  ভাৰতে এই যুদ্ধত জয় হয় পাকিস্তানে দখল কৰা  ভূখণ্ড  বোৰ নিজৰ হাতলৈ আনিছিলে ।

অটল বিহাৰী বাজপেয়ে সেই সময়ৰ প্ৰধান মন্ত্ৰী আছিলে আৰু তেওঁ অপাৰেচনটো ১৪ জুলাইত সফল হোৱা বুলি ঘোষণা কৰে কিন্তু অফিচিয়েলি  ২৬ জুলাই ঘোষণা কৰিছিলে ।

আমাৰ দেশৰ কাৰ্গিল যুদ্ধ এ হৈছে প্ৰথম যুদ্ধ যি বিশাল কৈ বাতৰিত প্ৰকাশ পাইছিলে ।
আৰু তেতিয়াৰ পৰা দেশৰ সকলো ঠাইতে ভাৰতীয় সেনাৰ যুদ্ধৰ অৱদানক সেৱা জনাবলৈ বিভিন্ন অনুষ্ঠান কৰা হয় ।

Leave a Reply