কাষতে কলচি লৈ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

Rabha sangit

কাষতে কলচি লৈ
যায় ঐ ৰচকী বাই
সপোনৰ সুফৰাঁ চকুযুৰি লৈ
মৰমৰ অমিয়া ভৰাই এই ৰচকী বাই
যায় ঐ ৰচকী বাই
ৰাংঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই সুৱালা সুৰৰে চাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
মলয়াৰ চুমাৰে ক’লা চুলিটাৰি
ভেতুৰা ৰেণুৰে টৌ শাৰী শাৰী
বিজুলীৰে মিলি উজ্বলাই ৰচকী বাই

Leave a Reply