ক’ভিড পুঁজিৰে ক্ৰয় কৰিলে কোটি টকীয়া লেম্বৰগিনী


২৯ কোটি সাহায্য লৈ আমেৰিকাৰ ব্যৱসায়ী ক্ৰয় কৰিলে লেম্বৰগিনি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ব্যৱসায়ীয়ে ক’ভিড সাহায্য পুঁজিৰ ২৯ কোটি টকা আদায় পোৱাৰ পিছতেই ক্ৰয় কৰিলে কোটি টকীয় বিলাসী বাহন লেম্বৰগিনি । প্রশাসনে  ইতিমধ্যে লেম্বৰগিনি ক্ৰয় কৰা ভেভিড হাইনছ নামৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
উল্লেখ্য যে মহামাৰী ক’ভিড-১৯ৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ত হানি হোৱা বাবে চৰকাৰখনে পিপিপি
ঋণ হিচাপে ব্যৱসায়ীক সাহায্য পুঁজি যোগান ধৰিছে। ভেভিড হাইনছ নামৰ ব্যৱসায়ীজনেও মিয়ামি বীচ্চত থকা ৰিজ’ৰ্ট আৰু বিপনীৰ বাবে ঋণৰ আবেদন জনায় আৰু চৰকাৰে ব্যৱসায়ী জনক  ঋণ প্ৰদান কৰে । ব্যৱসায়ী জনে  ঋণ লাভ কৰা পিছত তেওঁৰ  ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক দৰমহা আদায় নিদি বিলাসী বাহনখন ক্ৰয় কৰে ।


ঋণ লৈ বেংকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত  গোচৰ ৰুজু কৰাৰ পিছত ব্যৱসায়ীজনে পলায়ন
কৰিছে । 

Leave a Reply