অ’ গুৰু মােৰ শংকৰ || বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

অ’ গুৰু মােৰ শংকৰ
 অ’ গুৰু মােৰ শংকৰ
তৰিবৰ এ কিনাে উপায়।
অ’ গুৰু অ’ _
ভাটিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু অ’
বালিতে বান্ধিলা পঁজা
 ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘােষা, হে’ ৰাম ৰাম
 আপুনি গাইছে ঘােষা।
অ’ গুৰু অ
নাও শিমলুৱা , বঠা শিমলুৱা অ’
আৰু শিমলুৱা চৈ, হে ৰাম ৰাম
আৰু শিমলুৱা চৈ।
চৈৰে ভিতৰে গুৰুজন বহিছে
 ছকুৰি ভকতক লৈ, হে ৰাম ৰাম
ছকুৰি ভকতক লৈ
অ’ গুৰু অ’
 সেই নাওখনিতে শিলে ভৰা  দিলা
অ’ নাও বুৰোঁ বুৰোঁ কৰে, হে ৰাম ৰাম
নাও বুৰোঁ বুৰোঁ  কৰে
নাও বুৰা দেখি শ্ৰী শংকৰ গুৰু
আপুনি কান্ধ পাতি ধৰে, অ’ গুৰু
আপুনি কান্ধ পাতি ধৰে।
অ’ গুৰু অ’
মাজ সাগৰতে একেডাল বিৰিখ অ’
 তাতে নানান পখীৰ ছায়া হে’ ৰাম ৰাম
 ৰজনী পোহালে দশোদিশে গ’লে
 এৰিলে বিৰিখৰ মায়া , হে’ ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া ।
অ’ গুৰু মােৰ শংকৰ।

Leave a Reply