অযোধ্যাৰ ৰাম মন্দিৰ ভূমি পূজন কাৰ্যসূচী

৫ আগষ্টত বন্তি দিৱস পালন কৰক …

 ৰাম মন্দিৰ

অহা ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰ ভূমি পূজন কাৰ্যসূচীলৈ অহাৰ  পৰিৱৰ্তে দেশ বাসীয়ে  উক্ত দিনা সন্ধিয়া ঘৰে ঘৰে বন্তি দিৱস পালন কৰক ।  ঐতিহাসিক ভূমি পূজনৰ ক্ষণটো স্বচক্ষে  প্ৰত্যক্ষ কৰাৰ বাবে  দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহিবলৈ আগ্ৰহ দেখুওৱা সন্দৰ্ভত ক’ভিড-১৯ৰ পৰিস্থিতিৰ প্ৰসংগৰে শ্ৰী ৰাম জন্ম ভূমি তীৰ্থক্ষেত্ৰ ন্যাসে দেশবাসীক তেনে নকৰিবলৈ আহ্বান জনায় । ন্যাসৰ সচিব প্ৰধান সম্প্ৰট ৰায়ে বিবৃতিযোগে দেশৰ বিভিন্ন প্ৰান্তৰ আযোধ্যালৈ আহিব বিচৰা ভক্তসকলক উক্ত দিনা ঘৰতে সন্ধিয়া বন্তি দিৱস পালন কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে অহা ৫ আগষ্টত প্ৰধান মন্ত্ৰী ৰাম মন্দিৰৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰিব । এই লে অযোধ্যাত ইতিমধ্যে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি হাই এলাৰ্ট জাৰি কৰা হৈছে । বিবৃতিত সচিব প্ৰধান গৰাকীয়ে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ৰাম মন্দিৰ নিৰ্মাণত সমৰ্থন জনোৱা সকলো ভক্তক ধন্যবাদ জ্ঞাপন কৰে  ।

2 thoughts on “অযোধ্যাৰ ৰাম মন্দিৰ ভূমি পূজন কাৰ্যসূচী”

Leave a Reply