হে বিপ্লৱী বীৰ অধিনায়ক হে  দিয়া অগ্নি বাণী বিপ্লৱৰ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

বিষ্ণু প্ৰসাদ ৰাভা

হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ
ভাঙা বন্দিশাল কোটিকালৰ
মুক্তি হওঁক নির্যাতিতৰ।
তব দীপ্ত অনুৰাগে
নিদ্রা আচম্বিতে জাগে।
জাগে জাগে
জাগে নিপীড়িত দল জগতৰ।।
তব শুভ আগমনে জ্বলে
ৰক্ত ভানু নৱ-ভালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ
দলিতৰ।

Leave a Reply