মোৰ জীৱনৰ আকাশতে  ইন্দ্রধনু গঢ়িম – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

ৰাভা সংগীত

মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম ।
সাত ৰঙেৰে  মীনা কৰাই
মৰমেৰে তৰিম।
কিনকিনীয়া চকুৰ লােৰে
হুমুনিয়াহৰ ভাপকণেৰে।
প্রণয় সূৰুয দেৱতাৰে
জিলিকনি সানিম।
মেদুৰ মেঘৰ মাদল কোবাই
গগন গণনা আলফুলে বাই।
বিজুলী নটীৰ নাচোনটি চাই
দেও দি ডেও দি নাচিম।।

Leave a Reply