বিশ্ব পৰিৱেশ দিৱস || ৫ জুন

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস

১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য।   এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানবিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল।


পৰিৱেশ আৰু প্ৰকৃতি :

 

পৰিৱেশৰ জৈৱিক উপাদানবোৰত অণুজীৱৰ পৰা পতংগ, সকলো প্ৰাণী আৰু উদ্ভিদ, লগতে সেইবোৰৰ সৈতে সম্পৰ্কিত সকলো জৈৱ-কাৰ্যকলাপ আৰু প্ৰক্ৰিয়ালৈকে অন্তৰ্ভুক্ত কৰা হয়। তাৰোপৰি পৰিৱেশৰ অজৈৱ উপাদানবোৰত জড় উপাদান আৰু তাৰ সৈতে সম্পৰ্কিত প্ৰক্ৰিয়া থাকে, যেনে পৰ্বত, শিল, নদী, বায়ু আৰু জলবায়ু উপাদান আদি অন্তৰ্ভুক্ত।সাধাৰণ অৰ্থত, ই হৈছে সকলো জৈৱিক আৰু অজৈৱ উপাদান, তথ্য, প্ৰক্ৰিয়া আৰু ঘটনাৰে গঠিত একক যি আমাৰ জীৱনক প্ৰভাৱিত কৰে। ই আমাৰ চাৰিওফালে বিয়পি আছে আৰু প্ৰকৃতিৰ ওপৰত আমাৰ জীৱনৰ প্ৰতিটো ঘটনা নিৰ্ভৰ কৰে আৰু সম্পাদনা হয়। মানুহে কৰা সকলো কাৰ্য্যই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পৰিৱেশক প্ৰভাৱিত কৰে। সেয়েহে, জীৱ আৰু পৰিৱেশৰ মাজত এক সম্পৰ্ক আছে, যি পাৰস্পৰিক নিৰ্ভৰশীল।

প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয় ।
বিভিন্ন সামাজিক গোট আৰু সম্প্ৰদায়ৰ মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতাৰ ক্ষেত্ৰত সক্ৰিয় নেতৃত্ব ল’বলৈ উৎসাহিত কৰা হয়। তেওঁলোকক এইটো উপলব্ধি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় যে পৰিৱেশৰ পৰা নেতিবাচক পৰিৱৰ্তনবোৰক বাধা দিয়া নিতান্তই দৰকাৰী। নিৰাপদ, পৰিচ্ছন্ন আৰু সমৃদ্ধিপূৰ্ণ ভৱিষ্যৎ এটা পাবৰ বাবে যে আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা সাধাৰণ মানুহৰ উপলব্ধিৰ মাজলৈ লৈ যোৱাটোও এই দিৱসৰ গুৰুত্বপূৰ্ণ লক্ষ্য।

 

পৰিৱেশ সংৰক্ষণ

 

কিন্তু পৰিৱেশক সুস্থ কৰি ৰাখিবলৈ বছৰৰ এটা দিনেই যথেষ্ট নিশ্চয় নহয়। আমি প্রতিগৰাকী নাগৰিক যদি আজি পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা আৰু পৰিৱেশ সংৰক্ষণ সম্পর্কত সঠিকভাৱে সচেতন নহওঁ, জল-স্থল বা বায়ুমণ্ডলত হৈ থকা প্ৰদূষণ নিয়ন্ত্ৰণলৈ আনিব নােৱাৰােঁ, আমি আমাৰ ব্যক্তিগত লাভৰ বাবে দৈনিক গছ-গছনি কাটি অৰণ্য ধ্বংস কৰি পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰােঁ, তেন্তে অনতিপলমে আমাৰ বিপদ অনিবার্য।
প্রাকৃতিক ভাৰসাম্য আজি মানুহে নিজেই ৰক্ষা কৰিব পৰা নাই। প্রকৃতিৰ বুকুত গাঁও, চহৰ-নগৰ স্থাপন কৰাৰ নামত মানুহে অবাধে ধ্বংসলীলা চলাই আহিছে। গছ-গছনি আদি নির্দয়ভাৱে কাটি-ছিঙি মােহাৰি পেলাইছে। অনেক বনাঞ্চল ইতিমধ্যে মানুহৰ ধ্বংসলীলাৰ ফলত হেৰাই গ’ল। মানুহৰ প্রাণদায়িণী অক্সিজেন পৰিশােধনৰ অন্যতম মাধ্যম এই হাবি-বননি, অৰণ্যসমূহ মানুহৰ নিষ্ঠুৰতাত কমি অহাৰ ফল মানুহে নিজেই যে এদিন ভােগ কৰিব সি ধুৰুপ।
প্ৰদূষণৰ ক্ষেত্রসমূহ ভালদৰে লক্ষ্য কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে অত্যধিক জনসংখ্যা বৃদ্ধিয়েই যিকোনাে ধৰণৰ প্ৰদূষণৰ মূল কাৰণ।
এটা কথা ঠিক যে পৰিৱেশ সংৰক্ষণত জনসজাগতা আৰু সমাজ জড়িত নহ’লে কোনাে চৰকাৰ বা বিভাগেই পৰিৱেশ উন্নয়ন বা সংৰক্ষণত সফলতা লাভ কৰিব নােৱাৰে।
প্ৰদূষণ নিয়ন্ত্ৰণত ৰাখিবলৈ আজি আমাৰ ৰাজ্যখনত বা দেশত চৰকাৰীভাৱে স্বচ্ছ ভাৰত অভিযান, নির্মল অসম, বনানীকৰণ আদি বিভিন্ন পদক্ষেপ লৈছে আৰু এনেবােৰ পদক্ষেপে জনসাধাৰণক যে পৰিৱেশ সম্পর্কত কিছু হ’লেও সচেতন কৰিছে, তাক নুই কৰিব নােৱাৰি।
পৰিৱেশৰ সুৰক্ষা আৰু প্ৰদুষণ নিয়ন্ত্ৰণৰ বাবে বৃক্ষ ৰোপনেই একমাত্ৰ উপায় পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গছ পুলি ৰোপন কৰাটো অতি জৰুৰী।

 

 

Leave a Reply