বিলতে হালিছে ধুনীয়া পদুমী – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

ৰাভা সংগীত

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলাই চুমিছে
সানিছে ৰেণুৰ বোল।।
গছৰ ডালতে গাইছে কুলিয়ে
কুউ কুউ কুউ কই।
দূৰ দূৰণিতে জুৰিটি নাচিছে
তীৰ বিৰ তিৰ বিৰ কই।
দূৰ দূৰণিতে জুৰিটি নাচিছে।
তীৰ বিৰ তিৰ বিৰ কই
নিজান বননিত কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰ’ই।।

Leave a Reply