জীৱনটোক জয় কৰিবলৈ কেইটামান সহজ উপায়

notun pohor

★যােগাত্মক দৃষ্টিভংগী গঠন কৰিব লাগে।

★যােগাত্মক আত্মসন্মান গঢ়ি তুলিব লাগে।

★প্রফুল্লিত ব্যক্তিত্ব গঠন কৰিব লাগে।

★যােগাত্মক স্বভাৱ আৰু চৰিত্ৰ গঠন
কৰিব লাগে।

★ নিজে নিজক আৰু আনকো অনুপ্রাণিত
কৰিব  লাগে।

★ নিজৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত
উপনীত হ’বলৈ পৰিকল্পিত ভাৱে
সঠিক কৌশল অৱলম্বন কৰিব লাগিব।

★ঋণাত্মক প্রভাৱৰ পৰা আঁতৰি থাকিব লাগে।

★ কৃতজ্ঞতা প্রকাশ কৰাৰ মনোবৃত্তি
গঢ়িব লাগিব।

★ উদ্দেশ্য এটাত উপনীত হব লৈ প্রবল  ইচ্ছাশক্তি
গঢ়ি  তুলিব লাগিব।

★আনৰ লগত ব্যৱহাৰত সৎ, সত্যবাদী আৰু
ভাল হ’ব লাগে।

★আমাৰ সময় নাই বুলি কেতিয়াও অজুহাত
দেখুৱাব  নালাগে।

★ সৰু সৰু কথাত লাগি থাকিব নালাগে।

★   নিয়মীয়া উন্নতিৰ বাবে অহৰহভাবে লক্ষ্য
থিৰ কৰি কাম কৰি যাব লাগে।

★নিজৰ সমস্যা আৰু অসুবিধাবােৰৰ  বিষয়ে
আনক  জনাব  নালাগে।

★ ভদ্ৰতা আৰু শিষ্টাচাৰ পালন কৰিব লাগে।

★স্বাৱলম্বী হৈ নিজৰ সিদ্ধান্ত নিজে ল’ব লাগে।

★ আনক প্রশংসা কৰিবলৈ শিকিব লাগে।

★জীৱনত যিমানেই উন্নতি হয় সিমানেই বিনম্র  হ’ব লাগে।

★ আদর্শবাদী আৰু নিখুত হােৱাৰ নামত অযথা
মানসিক চাপ ল’ব নালাগে।

★বুজাপৰা আৰু আপােচ কৰিবলৈ শিকিব লাগে।

★জীৱনৰ দুৰ্ভাগ্য আৰু কঠিন মুহূর্ততো উন্নতি
কৰিবলৈ চেষ্টা কৰিব লাগে।

★ আনক সলনি কৰিবলৈ চেষ্টা কৰিব নালাগে।

★জীৱনত যি পোৱা যায় তাকে  আনন্দমনেৰে
গ্রহণ কৰিবলৈ শিকিব লাগে।

★পক্ষপাতিত্ব আৰু ভ্রান্ত ধাৰণাৰ পৰা  মুক্ত থাকিব লাগে।

★ অসহায়, দুৰ্ব্বল আৰু নিথৰুৱা মানুহক  শােষণ
কৰিব  নালাগে।

★ আনক অনুকৰণ আৰু অনুসৰণ কৰিব  নালাগে।

 

জীৱনত জয় হোৱাৰ উপায়

এনেকুৱা ধৰণৰ কৌশলবোৰ প্ৰয়োগ কৰিব পাৰিলে নিশ্চয় জীৱনত কৃতকাৰ্য্যতা লাভ কৰিব পাৰিব ।

 

Leave a Reply