কৰুণা ভাইৰছ || কৰুণা লক্ষন

Covid19

কৰুণা ভাইৰছ বা (COVID-19) এক নতুন অচিন ভাইৰাছ, যাক চীন  দেশৰ য়ুহান চহৰত  প্রথমে চিনাক্ত কৰা হৈছিল। বর্তমান এই ৰোগগবিধে সমগ্র বিশ্বত অতি মহামাৰী ৰূপ  ধাৰণ কৰি আতংকৰ সৃষ্টি কৰা দেখা গৈছে। এইবিধ অচিন ৰোগ  মানুহৰ শৰীৰৰ  লগতে জীৱ-জন্তুৰ  দেহতাে সংক্রমিত হ’ব পাৰে। এই ৰােগত আক্ৰন্ত  হােৱা কোনাে ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে, এই ৰােগত আক্রান্ত হ’ব পাৰে। আক্রান্ত ব্যক্তিজনৰ কা’হ বা হাঁচি মাৰোতে ওলোৱা  ড্ৰপলেটৰ মাধ্যমেৰে আৰু  আক্ৰন্ত  ব্যক্তিজনে ব্যৱহাৰ কৰা সামগ্ৰী স্পৰ্শ কৰাৰ ফলতো এই ভাইৰাছ বিয়পিব পাৰে ।

কৰ’ণা ভাইৰাছ ৰ লক্ষণ সমূহ :

(১) জ্বৰ , (২) কাহ, (৩) চৰ্দি  (৪) বমি ভাব , (৫) উশাহ নিশাহ লোৱাত অসুবিধা পোৱা , ৬) নিউমনিয়া, (৭) ডায়েৰিয়া আদি।

 

 ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ কিছু উপায় :

১। পৰিস্কাৰ – পৰিচ্ছন্নকৈ থাকক , সঘনাই
চাবোনেৰে হাত ধোঁৱাৰ অভ্যাস কৰাক ।
পাৰিলে  চেনিটাইজাৰ ব্যৱহাৰ কৰক ।

২। বাহিৰলৈ ওলালে নাক আৰু মুখ  ঢাক
যোৱাকৈ মাক্স ব্যৱহাৰ কৰক ।

৩/   অপৰিষ্কাৰ হাতেৰে নাক মুখ আৰু চকু স্পৰ্শ
নকৰিব ।

৪/  পানী লগা কাহ জ্বৰ হৈ থকা ব্যক্তিৰ পৰা অতি কমেও ১-২মিটাৰ দূৰত্ব বজাই ৰাখক ।

৫/ ৰাজহুৱা  স্থানত থু-খেকাৰ নেপেলাব ।

৬/ অপ্ৰয়োজনীয় ভ্ৰমণ নাই বা কাম পৰিহাৰ
কৰক ।

৭/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সঘনাই
কুহুমীয়া পানী ব্যৱহাৰ কৰক ।

 

এই মহামাৰীৰ ৰোগৰ পৰা মুক্তি পাবলৈ   হলে লব লগীয়া কেইটামান সাৱধানতা :

১/ আমি চৰকাৰে ঘোষণা কৰা লক ডাউনৰ
নীতি – নিয়ম সমূহ মানি চলিব লাগে  ।
২/ নিজা পৰিয়ালৰ বাহিৰে চিনাকি বা অচিনাকি
যিকোনো ব্যক্তিৰ লগত  সামাজিক দূৰত্ব
বজাই ৰাখিহে বাৰ্তা লাপ কৰিব লাগে ।

৩/  ওচৰৰ কোনো ব্যক্তি বহিঃৰাজ্যৰ পৰা আহিলে নাই বা অহাৰ সম্ভেদ পালে নিজৰ লগতে মানৱ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ওচৰৰ চিকিৎসালয়ত , পুলিচ থানা নাই বা ১০৪  অথবা ১০৭৫ নম্বৰত ডায়েল কৰি জনোৱা ব্যৱস্থা কৰক ।

৪/ যদি আপুনি অসুস্থ বুলি অনুভৱ কৰে নাইবা উল্লেখিত বেমাৰৰ লেক্ষ্নসমূহ দেখা পালে ততালিকে চিকিৎসাকৰ পৰামৰ্শ লোৱা উচিত ।

অতি কম খৰচতে  ঘৰতে কেনেকৈ চেনিটাইজাৰ তৈয়াৰ কৰিব পাৰি জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক 👇👇👇

https://notunpohor.blogspot.com/2020/03/sanitizer-surgical-spirit.html?m=1#.XuC56-O1nkw.link

Leave a Reply