আজলী ছােৱালী নানা ফুলে তুলি আনিলো আঁচল ভৰাই

Rabha sangit

আজলী ছােৱালী
নানা ফুলে তুলি
আনিলো আঁচল ভৰাই ।
সজাই ফুলেৰে
অতি যতনেৰে
বৰালোঁ বৰণ শৰাই।।
ৰঙিলী পখিলী
ৰঙ্গা পাখি মেলি।
আদৰি নাচি নাচি যায়।
ক’লী কলি জাকে
বিৰিখে বিৰিখে
উলাহত সুহুৰিয়ায়।
তোমাকে আদৰি
আনে ঐ সাদৰী
শত ভকতৰে দল।
শংখ বাজিছে
বৰাকাহ ধ্বনিছে
উঠিছে উৰুলিৰ ৰােল।।

Leave a Reply