অ’ পূজাৰী-আদৰী দিলো এই বৰণ শৰাই – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

ৰাভা সংগীত
অ’ পূজাৰী-আদৰী
দিলো এই বৰণ শৰাই
পূজৰী দিলো এই বৰণ শৰাই।
বিয়পি ধৰণী
শুনো ৰিনি ৰিনি
জগতৰ নানা বিলাই
হৰি নাম ভকতি
হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বশ্য ভকতৰ কৃষ্ণ কৃষ্ণৰ কিঙ্কৰ
সুন্দৰ শংকৰ কিয় নাই।
ভকতি ফুলেৰে
মালা আদৰেৰে
দিলোঁ যতনে পিন্ধাই।
শংখ কাঁহ মুৰুলি
জোকাৰি উৰুলি
তোমাৰে মহিমা গাই
নামঘৰত চোতালে নিতাল খোলে তালে গোবিন্দৰ নাম গুণ গাই।।

 

Leave a Reply