ই-কমাৰ্চৰ ব্যৱসায় বৃদ্ধি

লকডাউনৰ সময়ছোৱাত ই-কমাৰ্চৰ ব্যৱসায় বৃদ্ধি

লকডাউন

লকডাউনৰ সময়ছােৱাত আৰু পৰৱর্তী পর্যায়তাে শ্বপিং মলসমূহৰ তুলনাত গ্রাহকে অনলাইনযােগে অধিকসংখ্যক সামগ্রী ক্ৰয় কৰিব বুলি ব’ষ্টন কনছাল্টিং গ্রুপ (বি চি জি)ৰ এক প্রতিবেদন প্রকাশ পাইছে। এই সংস্থাটোৱে চলােৱা এক সমীক্ষামতে ৩৫ শতাংশ লােকে আগত সময়ছােৱাত ই-কমার্চৰ জৰিয়তে সামগ্রী ক্রয় কৰিব বুলি উল্লেখ কৰে। উল্লেখযােগ্য যে লকডাউনৰ সময়ছােৱাত চৰকাৰে শেহতীয়াকৈ ই-কমার্চ প্রতিষ্ঠানক সামগ্রিক বিক্ৰীৰ ক্ষেত্ৰত কিছু শিথিলতা প্রদান কৰিছে যদিও শ্বপিং মলসমূহ এতিয়াও বন্ধ হৈ আছে। লকডাউনৰ পৰৱর্তী পর্যায়তাে কোনাে সংক্রমণৰ আশংকাত যথেষ্টসংখ্যক গ্রাহকে শ্বপিং মললৈ নােযােৱাৰ সম্ভাৱনাই অধিক। সেয়েহে অদূৰ ভৱিষ্যতে শপিং মলসমূহৰ তুলনাত অধিক ব্যৱসায় কৰিবলৈ সক্ষম হ’ব ই-কমার্চ প্রতিষ্ঠানসমূহে। বি চি জিৰ প্রতিবেদনত এনেদৰে উল্লেখ কৰা হয়।

Leave a Reply