লকডাউন 2.0 : 21 এপ্রিলৰ পৰা ৰাজ্যত কি কি খুলিব ?

লকডাউন

 ২১ এপ্রিলৰ পৰা জনতা ভৱনকে ধনি ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ খােলাৰ ব্যৱস্থা কৰিছে। এই গাইড লাইন অনুসৰি জনতা ভৱনকে ধৰি সচিবালয়ৰ বিভাগসমূহত উপ-সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শীর্ষ বিষয়াসকলৰ উপস্থিতি ১০০ শতাংশ কৰাৰ ব্যৱস্থা লােৱা হৈছে। প্রয়ােজনত প্রথম আৰু দ্বিতীয়বর্গৰ আমােলা-বিষয়াসকলাে কার্যালয়লৈ আহিব লাগিব। বিভাগীয় মুৰৰ্বী তথা জিলা-মহকুমা পর্যায়ৰ বিভাগৰ কার্যালয় , উপায়ুক্ত-মহকুমাধিপতিৰ কাৰ্যলত তৃতীয় আৰু চতুর্থবর্গৰ ৩৩ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে কার্যালয় চলােৱাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্রে কোন কর্মচাৰী কোনদিনা উপস্থিত থাকিব লাগিব, সেয়া বিভাগীয় মুৰব্বী  তথা কার্যালয়ৰ মুৰব্বীয়ে স্থিৰ কৰিব। অৱশ্যে অহা ২১ এপ্রিলৰ পৰা চৰকাৰী কার্যালয়সমূহ খুলিলেও প্রতিগৰাকী কর্মচাৰীয়ে সামাজিক দূৰত্ব মানি চলাটো বৈধতামূলক। একেদৰে প্রতি গৰাকী কর্মচাৰীয়ে মুখমণ্ডল ঢাকি, মাস্ক পিন্ধি কার্যালয়লৈ আহিব লাগিব।   চৰকাৰী কার্যালয়সমূহ কিনেদৰে পৰিচালিত  হব , এই সম্পৰ্কত কাইলৈ ৰাজ্যৰ মুখ্য সচিবে আনুষ্ঠানিকভাৱে গাইড লাইন প্রকাশ কৰিব। ইপিনে ৰেড জন তথা হটস্পট হিচাপে চিহ্নিত জিলাক বাদ দি ৰাজ্যখনৰ অন্যান্য জিলাত অহা ২১ এপ্রিলৰ পৰা সকলাে ধৰণৰ স্বাস্থ্যসেৱা পুনৰ আৰম্ভ হ’ব। কৃষি, উদ্যান শস্যৰ  কাম-কাজ আৰম্ভ  হব । চাহ, ৰবৰ, কাজু বাদাম আদি ৫০ শতাংশ  কর্মচাৰীৰ উপস্থিতিৰে চলােৱাৰ ব্যৱস্থা কৰা হব । পশুপালন, দুদ্ধ উন্নয়ন, হাহ-কুকুৰাৰ ফার্ম, মৎস্য পালন, শাক-পােচলিৰ পাইকাৰী আৰু খুচুৰা বিত্রী আদি খণ্ডকো লকডাউনৰ পৰা মুকলি কৰি দিয়া হ’ব।
একেদৰে বেংক, এ টি এম , বীমা , শিশু নিৱাস, জ্যেষ্ঠ নাগৰিকৰ গৃহ, নিৰীক্ষণ কেন্দ্ৰ  আদিও মুকলি কৰাৰ ব্যৱস্থা কৰিব। পেঞ্চন  সেৱা  অংগনৱাড়ী কেন্দ্রৰ কাম-কাজো সামাজিক দূৰত্ব  মানি চলােৱাৰ ব্যবস্থা গ্রহণ কৰিব।  জলসম্পদ, জলসিঞ্চন, তেল, গেছ, উদ্যোগ, শক্তিখণ্ড , ডাকঘৰ আদিও খােলাৰ ব্যৱস্থা লোৱা হব । পৌৰ নিগম, পৌৰসভা, টেলিকম, ইণ্টাৰনেট সেৱা আদিও খােলাৰ ব্যৱস্থা কৰা হ’ব। অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা ট্রাক চলাচল অব্যাহত ৰখা হ’ব।    ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গেৰেজ, ধাবা আদি খুলি দিয়া হ’ব। খােল খাব ৰেচনৰ দোকান, গেলামাল, ফলমূলৰ দোকান, গাখীৰ আৰু দুগ্ধজাত সামগ্রীৰ দোকান । পশুখাদ্যৰ দােকান, সাৰ, কাটনাশক দ্রব্যৰ দোকানাে খোলা হব । ৫০শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে তথ্য-প্রযুক্তি খণ্ড, চি চি এছ , কল ষ্টেৰেজ , ৱেৰহাউছ আদিও খোলা হ’ব। একেদৰে স্ব-নিয়ােজন খণ্ডৰ সৈতে জড়িত ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, কাৰ্পেণ্টাৰ, মটৰ মেকানিক, কম্পিউটাৰ-ম’বাইল ফোন মেকানিক আদিকো লকডাউনৰ পৰা ৰেহাই দিয়া হ’ব । তেওঁলােকে ব্যক্তিগতভাৱে মানুহৰ ঘৰৰ কাম-কাজ সম্পাদন কৰিব পাৰিব। কর্মচাৰী থকাৰ সুবিধা থকা ঔদ্যোগিক পামসমূহাে খােলাৰ ব্যৱস্থা কৰিব। ইটাভাতা আদিও খুলি দিয়া হ’ব ৷ অৱশ্যে এই সকলাে ক্ষেত্রতে মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু সামাজিক দূৰত্ব প্রত্যেকেই মানি চলিব লাগিব ।  মাছ-মাংসও হোম ডেলিভাৰী ব্যৱস্থাৰে বিতৰণ ৰা হ’ব। পূর্বৰ দৰে খােলা থাকিব ছপা আৰু বৈদ্যুতিন প্রচাৰ মাধ্যম। অত্যাৱশ্যকীয় সেৱাত জড়িত ব্যক্তি তথা প্রশাসনৰ পৰা অনুমতি লাভ কৰা ব্যক্তিয়ে দুচকীয়া বাহনত মাত্র এজন আৰু চাৰিচকীয়া বাহনত মাত্র দুজন লােকেহে চলা-চল কৰিব পাৰিব। আনহাতে, অহা ৩ মে পর্যন্ত কোনাে পৰিস্থিতিতে খােলা নহয় চৰকাৰী-বেচৰকাৰী সকলাে শিক্ষানুষ্ঠান।  সুৰা বিপণী, গুটখা-ধপাতৰ উৎপাদন আৰু বিক্রী সম্পূৰ্ণৰূপে বন্ধ থাকিব। বন্ধ থাকিব হোটেল, ৰেষ্টোৰা , বিউটী পার্লাৰ, চেলুন আদি।

Leave a Reply