বৰষা যেতিয়া নামে বুকুলে  এনে লাগে যেন সেয়া তুমিয়েই

Zubin garg

বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ-মন নাচিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়েই ৰচি আছা সুৰৰে এনাজৰী
মায়াবী কবিতাটো তুমিয়েই।
বৰষা…
জোনাকী দেশৰে সাধুকথা, পালোঁ তােমাৰ ওঁঠতে মায়াবী চাৱনিৰে বহু বেথা পাহৰালা আজি  তুমিয়ে
কিদৰে পাৰ হ’ম সীমাৰ সীপাৰে
তােমাক এবাৰ চুবলে
দেহে-মনে পাবলে
ল’বলে তােমাক এবাৰ বুকুতে
আৰু যে মন নভৰে
বৰষা…
কেতিয়াবা কিয় বহু দূৰ, কেতিয়াবা কিয় বহু কাষ
কেতিয়াবা কিয় বহু পথ, কেতিয়াবা তুমি মাথোঁ দুহাত।
নিজৰে মাজতে তােমাকে বিচাৰি
পাওঁ মাথো শুদা হাত
অচিনাকি পৃথিৱীত।
নাপালোঁ বিচাৰি সঁচা মন
তুমিহে সঁচা মন।।।
বৰষা…।।

Leave a Reply